ভাৰতীয় গণ নাট্য সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত দেওবাৰে নগাঁও প্ৰেছ ক্লাবত এক অনুষ্ঠান অনুষ্ঠিত হয়।
লকডাউনৰ সময়ত গণ নাট্য সংঘৰ নগাঁও জিলা শাখাই আয়োজন কৰা বিষ্ণু প্ৰসাদ ৰাভা, নেলছন মেণ্ডেলা, অখিল গগৈৰ অনলাইন যোগে প্ৰতিকৃতি অংকন কৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শ্ৰেষ্ঠ দহজন প্ৰতিযোগীক এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়।
এই প্ৰতিযোগিতাত মুঠ ৩৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যকৰী সভাপতি মোলান লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দহজন প্ৰতিযোগী ক্ৰমে অভিশ্ৰী চৌধুৰী, শ্ৰুতি সিংহ, নাহৰ কান্তি বড়ো, সুনাভ হাজৰিকা, হৃষীকেশ কাশ্যপ, দিব্যজ্যোতি দাস, আমিৰ হুছেইন, বিশ্বনাথ হাজৰিকা, দেৱব্ৰত দত্ত, বেণী মাধৱ বৰুৱাক নগদ ধন সহ মান- পত্ৰ, গ্ৰন্থ প্ৰদান কৰা হয়।
সংঘৰ নগাঁও শাখাৰ সম্পাদিকা নিজৰা শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন ২৭ জনকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত পূনিৰাম শইকীয়া, দিলীপ ভূঞা, ৰাতুল বৰা, দুলাল বৰা আদিয়ে অংশগ্ৰহণ কৰে।
ইয়াৰ পাছতে অনুষ্ঠিত এক মনোজ্ঞ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ডা: সাগৰ বৰুৱাই কয় যে সাম্প্ৰদায়িক বিষ বাস্পই আমাৰ সমাজখন কলুষিত কৰিছে। আমি সকলোৱে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দি ধৰ্ম নিৰপেক্ষতা প্ৰতিষ্ঠা কৰিব লাগিব।
আলোচনা চক্ৰত সঞ্চালনা কৰে মোলান লস্কৰে। সভাত শতাধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে প্ৰতিযোগী সকলে অংকন কৰা ছবি প্ৰদৰ্শন কৰা হয়।