NORTHEAST NOW (Assamese)

গৰু বেপাৰীৰ ঘোচ খাই চাকৰি গ’ল নগাঁৱৰ আৰক্ষী বিষয়াৰ

August 5, 2023 6:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 5, 2023 4:56 pm

গৰু সৰবৰাহকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত শনিবাৰে নগাঁও জিলাৰ আমবাগান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন কৰা হয়। জানিব পৰা মতে আমবাগান থানাৰ নিলম্বিত বিষয়াগৰাকীৰ নাম হেমন্ত কলিতা।

গৰু সৰবৰাহকাৰীৰ পৰা ধন লৈছিল হেমন্ত কলিতাই। কেমেৰাত গোপনে বন্দী হৈ আছিল ধন উৎকোচ লোৱাৰ সমগ্ৰ দৃশ্য।

ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ আৰক্ষীয়ে লাভ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে হিফজুৰ ৰহমান নামৰ এজন হোমগাৰ্ড জোৱানে থানাৰ সমীপতে গৰু সৰবৰাহ কৰা এখন ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি আছে।

ভিডিঅ’টো দেখাৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক নবনীত মহন্তই ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি কলিতাক নিলম্বন কৰে। লগতে ৰহমানক চাকৰিৰ পৰা বৰ্খাস্ত কৰি বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।

Related News