জুৱাৰীৰে সম্পৰ্ক! অডিঅ’ ক্লিপৰ ভিত্তিত আটক চামগুৰি থানাৰ সহকাৰী উপ পৰিদৰ্শক

ASI Giyasuddin

অভিযুক্ত আৰক্ষী সহকাৰী উপ পৰিষদৰ্শক গিয়াছুদ্দিন আহমেদ।

এটা অডিঅ’ ক্লিপৰ ভিত্তিত নগাঁও আৰক্ষীৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকক আটক কৰা হৈছে ।

নগাঁওৰ আৰক্ষী অধীক্ষকে ইতিমধ্যে চামগুৰি আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক গিয়াছুদ্দিন আহমেদক নিলম্বন কৰিছে। অডিঅ’ ক্লিপৰ ভিত্তিতে গিয়াছুদ্দিন আহমেদক নিলম্বন কৰা হৈছে।

আৰক্ষী বিষয়া আহমেদে ফোনত ধনৰ লেনদেনৰ সম্পৰ্কত কথা পতাৰ অডিঅ’ ক্লিপ নগাঁও আৰক্ষীয়ে লাভ কৰিছে।

জানিব পৰা মতে, জুৱাৰীৰ পৰা ধন লোৱাৰ অভিযোগত সহকাৰী উপ-পৰিদৰ্শক গিয়াছুদ্দিন আহমেদক আটক কৰা হৈছে। ১৮ হাজাৰ টকা লৈ জুৱাৰীক এৰি দিয়াৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰিছে সহকাৰী উপ পৰিদৰ্শক গৰাকীক।

নগাঁও সদৰ আৰক্ষী থানাত অভিযুক্ত বিষয়াগৰাকীক জেৰা চলোৱা হৈছে।

নগাঁও সদৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিয়ে যে   অডিঅ’ ক্লিপৰ কণ্ঠস্ৱৰৰ সৈতে আৰক্ষী বিষয়া গিয়াছুদ্দিনৰ কণ্ঠৰ মিল আছেনে নাই সেই সন্দৰ্ভত  আৰক্ষীয়ে অনুসন্ধান চলাই আছে।