হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক নগাওঁ আৰক্ষীৰ

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক নগাওঁ আৰক্ষীৰ

কামাখ্য মন্দিৰৰ মাটিৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰা বিধায়ক আমিনুল ইছলামৰ ঘৰলৈ যোৱাৰ পথতেই আৰক্ষীয়ে আটক কৰিলে সত্যৰঞ্জন বৰাক।

দীৰ্ঘ সময় ধৰি আৰক্ষীৰ সৈতে বাক-বিতণ্ডা চলি আছিল সত্যৰঞ্জন বৰাৰ।

অৱশেষত নগাঁওলৈ আটক কৰি লৈ যোৱা হৈছে সত্যৰঞ্জনক। হাতত ধৰি আৰক্ষীয়ে টানি আজুৰি লৈ যায়।

আৰক্ষীয়ে লৈ যোৱাৰ সময়ত সত্যৰঞ্জনৰ সমৰ্থকে দিয়ে জয় শ্ৰী ৰাম ধ্বনি।

বিধায়ক আমিনুল ইছলামৰ ঘৰলৈ যাব লওঁতেই আটক সত্যৰঞ্জনক। আৰক্ষীয়ে বাধা দিছিল আমিনুলৰ ইছলামৰ ঘৰলৈ যাবলৈ।

বাটদ্ৰৱা হৈ যাবলৈ ওলাইছিল আমিনুল ইছলামৰ ঘৰলৈ।