নগাঁও জিলাৰ বটদ্ৰৱাত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰসহ আটক যুৱক

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমণিত নগাঁও আৰক্ষীয়ে আজি পুৱা মাৰণাস্ত্ৰসহ এজন যুৱক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আজি পুৱা এক গোপন সূত্ৰৰ আধাৰত নগাঁও জিলাৰ উপ আৰক্ষীৰ অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে বটদ্ৰৱা আৰক্ষীৰ সহযোগত নগাঁও-ধিং সংযোগী গড়কাপ্তানি পথৰ কদমনিত মৈৰাবাৰীলৈ মটৰচাইকেলেৰে গৈ থকা অৱস্থাত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কচুৱা থানাৰ এলেকাধীন লুতুমাৰীৰ ছফিকুল ইছলামৰ পৰা আৰক্ষীয়ে দুজাঁই সক্ৰিয় গুলীসহ এটা হস্তনিৰ্মিত পিষ্টলৰ লগতে এখন চুৰি, এটা ম’বাইল ফোন আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে ছফিকুলৰ লগত অহা আন এজন যুৱক আৰক্ষীৰ উমান পাই পলায় সাৰিবলৈ সক্ষম হয়।

ইফালে আজি আটকাধীন যুৱকজন পূৰ্বে বহুকেইটা ডকাইতি কাৰ্যত জড়িত হৈ কেইবাবাৰো জেইলাৰ ভাত খাব লগীয়া হৈছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে।