কাৰ্ফিউ অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

dog

*

কাৰ্ফিউ অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

কলিয়াবৰত উপস্থিত হৈ আৰক্ষী অধীক্ষকজনে কলিয়াবৰ আৰক্ষী থানাৰ লগতে জখলাবন্ধা আৰক্ষী থানাৰ কাম-কাজৰ বুজ লোৱাৰ লগতে আইন-শৃংখলাৰ তদাৰক কৰে।

কলিয়াবৰ আৰক্ষী থানাত আৰক্ষী অধীক্ষকগৰাকীয়ে নিজে কিছু সময় থাকি আইন-শৃংখলা তদাৰক কৰাৰ লগতে কোভিড প্ৰট’কল ভংগ¸কাৰ্ফিউ অমান্যকাৰী একাংশক জৰিমনা বিহে।

উল্লেখ্য যে¸ মঙলবাৰৰ দিনটোত সন্ধ্যা পর্যন্ত কাৰ্ফিউ অমান্য কৰি বাইক লৈ ওলাই অহা ১৭ খনকৈ বাইক জব্দ কৰাৰ লগতে ৪ খনকৈ বাইকৰ গৰাকীক জৰিমনা বিহে কলিয়াবৰ আৰক্ষী থানাই।

কোভিড পৰিস্থিতি ৰোধ কৰাৰ বাবেই এতিয়া কঠোৰ হৈ পৰিছে কলিয়াবৰ আৰক্ষী।