নগাঁও ধৰ্ষণকাণ্ড : ৫ অপৰাধীক ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ

Nagaon rape

আমনিৰ ধৰ্ষণকাণ্ডৰ ধৰ্ষণকাৰী পাঁচজন। ফটো : নৰ্থইষ্ট নাও

নগাঁৱৰ আমনিত ২৮ আগষ্টৰ নিশা সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডৰ মুল ধৰ্ষণকাৰী কেইজনক আজি চামগুৰি আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে তেওঁলোকক ৮ চেপ্তেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

অভিযুক্ত ধৰ্ষণকাৰী কেইগৰাকী হৈছে ক্ৰমে আমনিৰ শিয়ালখাইতীৰ হাবিজ ভূঞা (২৮), তেজপুৰ ন-পামৰ মইনুল হুছেইন (৩৩), তেজপুৰ নপাম পুখুৰী বস্তিৰ ছফিকুল ইছ্লাম (২৪), তেজপুৰ বকুল জাৰণিৰ ৰমজান আলী (২৩) আৰু আমনি শিয়ালখাইতীৰ ৰকিবুল ইছলাম (২৫)।

যোৱা ৩০ আগষ্টত আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীক বাইকত উঠাই অনা ৰাজেশ ধৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই ৩ ছেপ্তেম্বৰত উক্ত পাঁচজন ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে আটকাধীন দলটোৰ সদস্য হাবিজ ভূঞা ২০১৬ চনত আমনিত সংঘটিত আন এক দলবদ্ধ ধৰ্ষণকাণ্ডৰ লগত জড়িত থকাৰ লগতে এই পাঁচ দুষ্কৃতিকাৰী বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথত নৈশ গাড়ী হাইজেক কৰাকে ধৰি কেইবাটাও ডকাইতিকাণ্ডৰ সৈতে জড়িত থকা বুলিও আৰক্ষীৰ এক সূত্ৰই দাবী কৰে।

আনহাতে অভিযুক্ত ধৰ্ষণকাৰী দলটোৰ আন এগৰাকী পলাতক অপৰাধী তেজপুৰ ডোলাবাৰীৰ ন-পাম নিবাসী আলাল উদ্দিনৰ পুত্ৰ কামাল উদ্দিনক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ দলে এতিয়াও অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।