সংস্কৃত কোনো নিৰ্দিষ্ট ধৰ্মৰ মানুহৰ ভাষা নহয় : ডাঃ চাৰহাৰ উদ্দিন আহমেদে

নগাঁও জিলাৰ সংস্কৃত ভাষা বিকাশ মঞ্চই দেওবাৰে শ্ৰাৱণী পূৰ্ণিমাৰ তিথি উপলক্ষে অষ্টদশ বৰ্ষৰ বাবে সংস্কৃত দিৱস উদযাপন কৰে।

এই উপলক্ষে দেওবাৰে বিয়লি নগাঁও চহৰৰ শিক্ষা ভৱনত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে মঞ্চৰ সভাপতি গুণ শইকীয়াই।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক ডাঃ চাৰহাৰ উদ্দিন আহমেদে সংস্কৃত ভাষাৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে– সংস্কৃত ভাষা সকলো ভাষাৰে মাতৃভাষা নহয় বুলি ইতিহাসে প্ৰমাণ কৰিছে। কিন্তু সংস্কৃতৰ দ্বাৰাই ভাৰতৰ বহু ভাষা পৰিচালিত হৈছে।

আনহাতে ডাঃ আহমেদে ধৰ্ম আৰু ভাষাৰ পাৰ্থক্য দোহাৰি লগতে কয় যে– ধৰ্মক ভাষাৰ লগত সাঙুৰিব নোৱাৰি। সংস্কৃত কোনো নিদিৰ্ষ্ট ধৰ্মৰ মানুহৰ ভাষা নহয়। একোটা অঞ্চলত ভাষা একে হ’লেও ধৰ্ম বেলেগ হোৱা দেখা যায়।

ডাঃ আহমেদে আৰু কয় যে– অসমীয়া লিপি আৰু উৎপত্তিৰ ক্ৰমবিকাশৰ ধাৰাক ভাৰতীয় সভ্যতাৰ লগত অসমীয়া সভ্যতাৰ অপৃথকত্ব দেখুৱাবলৈ প্ৰাচীন অসম তথা দক্ষিণ-পূব এছিয়াৰ তুলনামূলক অধ্যয়ণ কৰিবলৈ হ’লে সংস্কৃতৰ অধ্যয়ণ নোহোৱাকৈ কোনো ব্যক্তি আগবাঢ়ি গ’লে তেওঁৰ অনুমানৰ ওপৰত ভিত্তি কৰি মন্তব্য কৰিব লাগিব।

নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ সাধাৰণ সম্পাদক ডঃ ধৰ্মেশ্বৰ গোস্বামীয়ে আদৰণী ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মধ্য নগাঁও সংস্কৃত টোলৰ প্ৰাক্তন অধ্যাপক যজ্ঞপতি শৰ্মা শাস্ত্ৰী আৰু বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নক মঞ্চই সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে ডঃ দ্বিজেন শৰ্মাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা মঞ্চৰ বাৰ্ষিক মুখপত্ৰ ‘অভিজ্ঞানম’ প্ৰয়াত শিক্ষাবিদ বীৰেন মিশ্ৰ গোস্বামীৰ নামত উৎসৰ্গা কৰা হয়। সভাত মুখপত্ৰখন উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বেদ কুমাৰ চলিহাই।

ইফালে সভাৰ আৰম্ভণীতে প্ৰয়াত বীৰেন মিশ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধা নিবেদন কৰে শিক্ষাবিদগৰাকীৰ পত্নী বীণা গোস্বামীয়ে।

অনুষ্ঠানটো সভাৰ আৰম্ভণীতে সৰস্বতী বন্দনাৰে মংগলাচৰণ পৰিবেশন কৰে শিল্পী কৰবী শৰ্মাই। সংস্কৃত দিৱস উপলক্ষে আজি পুৱা ভাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্তোত্ৰ, সংস্কৃত গীত, শ্লোক, সংস্কৃত ভাষণ আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।