কোকেছাচলৈ উভতিব শান্তি! পুনৰ যুদ্ধবিৰতি ঘোষণা কৰিলে আজাৰবাইজান- আৰ্মেনিয়াই

a azar

কোকেছাচলৈ শান্তি উভতি অহাৰ দিশত। নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই উক্ত বিবদমান অঞ্চলত পুনৰ  যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছে।

ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভে  আজাৰবাইজান আৰু আৰ্মেনিয়াৰ বিদেশমন্ত্ৰীদ্বয়ৰ সৈতে কৰা  আলোচনাৰ অন্তত দুয়ো পক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰদান কৰে।

শনিবাৰে মাজ নিশাৰ পৰাই নাগৰ্নো-কাৰবাখ অঞ্চলত যুদ্ধবিৰতি প্ৰযোজ্য হয় বুলি ৰাছিয়াৰ মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্য দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত।

এতিয়ালৈকে এই যুদ্ধত নিহত হৈছে দুয়ো পক্ষৰ সাতশৰো অধিক সৈনিক। ইপিনে আজাৰবাজিানৰ পক্ষত থিয় দিছে তুৰস্কই।

এই যুদ্ধ যাতে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিশ্বৰ বহু দেশে আহ্বান জনাই আহিছে।

যুদ্ধৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে ছুইজাৰলেণ্ডে মধ্যস্থতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কোনো পক্ষই সেই প্ৰস্তাৱত সঁহাৰি দিয়া নাছিল।।

ছুইজাৰলেণ্ডৰ চৰকাৰে কৈছে যে আজাৰবাইজান আৰু আৰ্মেনিয়াই আন্তৰ্জাতিক আইন মানি চলা উচিৎ।

ছুইজাৰলেণ্ডে সদায় সাধাৰণ মানহিৰ নিৰাপত্তাৰ দিশটোক অধিক গুৰুত্ব দিয়ে বুলি দেশখনৰ চৰকাৰে জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰিছিল।