• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 1:41 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ নাগপুৰৰ এগৰাকী মহিলাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। তেওঁ এজন এজনকৈ পুৰুষক প্ৰতাৰণা কৰা ঘটনা পোহৰলৈ অহাৰ লগে লগে গোটেই অঞ্চলটোত তোলপাৰ লাগে। খবৰ অনুসৰি তেওঁ ভুৱা পৰিচয়েৰে বহু পুৰুষক বিয়া কৰাইছিল আৰু তেওঁলোকৰ পৰা একাধিকবাৰ বৃহৎ পৰিমাণৰ ধন আদায় কৰিছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত মহিলাগৰাকীৰ নাম ছামীৰা ফাতিমা। তেওঁ এগৰাকী শিক্ষয়িত্ৰী বুলি জনা গৈছে। অভিযোগ অনুসৰি যোৱা ১৫ বছৰত কমেও আঠজন পুৰুষক বিয়া কৰাইছে। চলিত বৰ্ষৰ ২৯ জুলাইত নাগপুৰৰ এখন চাহৰ দোকানৰ পৰা তেওঁক হাতেলোটে গ্ৰেপ্তাৰ কৰা হয়।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, নৱমজন সম্ভাৱ্য চিকাৰক ফান্দত পেলাবলৈ গৈছিল। সেই সময়তে অভিযুক্ত মহিলাগৰাকী আৰক্ষীৰ হাতত ধৰা পৰে। আৰক্ষীয়ে জনোৱা মতে, ছামীৰা ফাতিমা এটা বিশেষ সংগঠনৰ সৈতে জড়িত। মূলতঃ প্ৰভাৱশালী আৰু বিবাহিত মুছলমান পুৰুষক ব্লেকমেইলিং কৰিবলৈ তেওঁলোকে বিবাহক ‘মাধ্যম’ হিচাপে ব্যৱহাৰ কৰিছিল। তাৰ পিছত তেওঁলোকৰ পৰা টকা সংগ্ৰহ কৰিছিল।

জনা যায় যে এই ছামীৰাই আগতে বিভিন্ন বৈবাহিক ৱেবছাইট আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ চিকাৰ বিচাৰি পাইছিল। বহু সময়ত তেওঁ নিজকে এটা সন্তানৰ মাতৃ আৰু বিবাহ বিচ্ছেদ হোৱা বুলি পৰিচয় দিছিল। ইয়াৰ লগতে তেওঁ ভুৱা কাহিনী কৈ সহানুভূতি আৰু বিশ্বাস অৰ্জন কৰিছিল।

কোনোবা এটা পৰ্যায়ত আস্থা লাভ কৰাৰ পিছত তেওঁ সেই মানুহবোৰৰ লগত ‘নিকাহ’ সম্পন্ন কৰিছিল। তেতিয়াই কাহিনীটোত নতুন টুইষ্ট এটা আৰম্ভ হ’ব। পিছলৈ ছামীৰাই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা, সামাজিক অপমানৰ ভাবুকি বা কেতিয়াবা অভিযোগৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন দাবী কৰে। তেওঁ কেতিয়াবা বেংকৰ জৰিয়তে এই ধন সংগ্ৰহ কৰিছিল। কেতিয়াবা নগদ ধনৰ লেনদেন কৰে৷

এজন অভিযোগকাৰীয়ে কয় যে ছামীৰাই এজন ব্যক্তিৰ পৰা প্ৰায় ৫০ লাখ টকা আৰু আন এজনৰ পৰা ১৫ লাখ টকা সংগ্ৰহ কৰিছিল। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই অভিযোগকাৰীসকলৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ এজন উচ্চ পদস্থ বিষয়াও আছে। আৰক্ষীৰ অনুমান অনুসৰি সংগ্ৰহ কৰা মুঠ ধন ইয়াতকৈ বহু বেছি হ’ব পাৰে।

আৰক্ষী সূত্ৰৰ মতে, ছামীৰাই পূৰ্বেও চতুৰতাৰে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিছিল। এইটোৱে শেষ নহয়! এটা সময়ত তেওঁ আনকি গৰ্ভৱতী বুলি দাবী কৰি আইনৰ চকুত ফাঁকি দিছিল। অৱশেষত শেহতীয়াকৈ নাগপুৰৰ এখন চাহৰ দোকানত নতুন ফান্দ পাতি থকাৰ সময়তে আৰক্ষীয়ে তেওঁক চিনাক্ত কৰে। তাৰ পাছত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি আৰক্ষীয়ে জনোৱা মতে, সমগ্ৰ গেঙটোৱে কেনেদৰে কাম কৰিছিল আৰু ইয়াৰ লগত আৰু কোন জড়িত আছিল সেই বিষয়ে জানিবলৈ তদন্ত চলি আছে। ছামীৰাক জেৰা কৰা হৈছে। জেৰা চলি আছে। অতি সোনকালে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm
২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm
২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd