নলবাৰীত ‘অসম আৰক্ষী হায় হায়’ শ্লোগানেৰে মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ

efficy-burn-of-cm

আকৌ এবাৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ সন্থা আৰু আন সংগঠনৰ কৰ্মীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলালে অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে ৷ বছৰৰ প্ৰথম দিনটোতে নলবাৰী আৰক্ষীয়ে প্ৰতিবাদকাৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ জনাই বুধবাৰে সন্ধিয়া নলবাৰী সদৰ থানাৰ সন্মুখত আছু কৰ্মীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্য মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি “অসম আৰক্ষী হায় হায়, কা আমি নামানো, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ” আদি শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, বুধবাৰে সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ গৈ থকা অৱস্থাত নলবাৰীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে সোণোৱালৰ কনভয়ক ক’লা পতাকা দেখুৱাৰ সময়তে উক্ত ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক তথা জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক চন্দন বেজবৰুৱাক প্ৰহাৰ কৰে ৷ ঘটনাৰ পিছৰে পৰা ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বেজবৰুৱা।

এই ঘটনাৰ প্ৰতিবাদত আছুকৰ্মীয়ে দাহ কৰে মুখ্যমন্ত্ৰীৰ পুত্তলিকা।