‘‘কাজিৰঙা ভ্ৰমণ কৰা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…” : বিজেপিৰ মিথ্যাচাৰ উদঙাই তুলাধুনা কংগ্ৰেছৰ

শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিয়ে নৰেন্দ্ৰ মোদী কাজিৰঙা ভ্ৰমণ কৰা প্ৰথমজন আৰু একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী বুলি দাবী কৰি প্ৰচাৰ চলায়। বিভিন্ন সংবাদ মাধ্যমত নৰেন্দ্ৰ মোদীয়েই কাজিৰঙা ভ্ৰমণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী বুলি বাতৰি প্ৰকাশ পায়।

ইয়াৰ পিছতেই সৰৱ হয় কংগ্ৰেছ। কংগ্ৰেছে বিজেপিয়ে চলোৱা এই প্ৰচাৰক মিথ্যাচাৰ বুলি অভিহিত কৰি এক প্ৰেছ বিবৃত্তি প্ৰকাশ কৰে।

বিবৃত্তিটোত কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ দেশৰ অন্যতম এগৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়া ১৯৮৮ চনৰ জুন-জুলাই মাহত অসমলৈ আহিছিল। পত্নী ছোনিয়া গান্ধীৰ সৈতে সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱক লগত লৈ তদানীন্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছিল। নিজেই গাড়ী চলাই তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গৈছিল। কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰতা দেখি তেখেত অভিভূত হৈ পৰিছিল। সেই সময়ত অসমত অগম গণ পৰিষদ দলৰ চৰকাৰ আছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই কাজিৰঙাৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে বানপানীৰ সময়ত যাতে ওখ ঠাইত থাকিব পাৰে তাৰবাবে পুঁজিৰো আৱণ্টন দিছিল। সেইসময়ত কাজিৰঙাৰ সঞ্চালক হিচাপে আছিল সোণাধৰ দলে ডাঙৰীয়া। কংগ্ৰেছ দলে এটা কথা প্ৰত্যক্ষ কৰিছে যে আজি কেবাখনো বাতৰি কাকতত অসম চৰকাৰে নৰেন্দ্ৰ মোদীয়েই কাজিৰঙা পৰিদৰ্শন কৰা দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী বুলি উল্লেখ কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে। এয়া সম্পূৰ্ণৰূপে অসত্য কথা। কাজিৰঙা পৰিদৰ্শন কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়া। তেখেতে মোদীৰ পূৰ্বেই নিজে গাড়ী চলাই কাজিৰঙা পৰিদৰ্শন কৰিছিল। সেয়ে এনেধৰণৰ যিকোনো দাবী কৰাৰ পূৰ্বেই বিজেপি দলটোক আমি অতীত ইতিহাস জানি ল’বলৈ আহ্বান জনাইছো।”

এতিয়া কংগ্ৰেছে এই তথ্য প্ৰদান কৰাৰ পিছতেই স্বাভাৱিকতে বিমোৰত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা-কৰ্মী। কংগ্ৰেছে এই তথ্য প্ৰকাশ কৰাৰ পিছতেই মিথ্যাচাৰী বুলি দলটোক উপহাস কৰিছে বিৰোধীৰ লগতে বিভিন্ন মহলে।