লোকসভা নিৰ্বাচনতকৈও জন্মু-কাশ্মীৰৰ নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব নৰেন্দ্ৰ মোদী : কংগ্ৰেছ

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত লোকসভা নিৰ্বাচনতৰ ফলাফলতকৈও ডাঙৰ দুৰ্যোগ হৈ থিয় দিব বিজেপিৰ সন্মুখত। বিজেপিক সমালোচনা কৰি এই মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে।

উল্লেখ্য যে অহা ১ অক্টোবৰত জম্মু-কাশ্মীৰত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনটোত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এইদৰে বিজেপিক আক্ৰমণ কৰে।

তেওঁ কয়, “জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া শেষ। কিন্তু অজৈৱিক প্ৰধানমন্ত্ৰীয়ে এতিয়াও আটাইতকৈ মৌলিক প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। কিয় জম্মু-কাশ্মীৰৰ সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাত তেওঁ ব্যৰ্থ হৈছে?

লগতে জয়ৰাম ৰমেশে কয় যে, “নৰেন্দ্ৰ মোডীয়ে এতিয়া বিভ্ৰান্তিকৰ দাবী কৰিছে। তেওঁ কৈছে যে কেৱল বিজেপিয়েহে জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ অধিকাৰ ঘূৰাই দিব পাৰিব। কিন্তু জম্মু-কাশ্মীৰৰ পৰা ৰাজ্যিক মৰ্যাদা কাঢ়ি লোৱাৰ কোনো দায়িত্ব লোৱা নাই তেওঁ। আচলতে তেওঁ জবাবদিহিতাৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰিছে।”

“২০১৯ চনৰ ৫ আগষ্টত তেওঁ সংসদত এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰাত ব্যৰ্থ হয়। সমগ্ৰ দেশতে এই বিষয়ত ৪১টা পূৰ্ব নিৰ্ধাৰিত সাক্ষাৎকাৰ দিছিল যদিও জম্মু-কাশ্মীৰত এটাও সাক্ষাৎকাৰ দিয়া নাছিল নৰেন্দ্ৰ মোডীয়ে।” – অভিযোগ কৰি লগতে জয়ৰাম ৰমেশে কয়।

জয়ৰাম ৰমেশে কয় যে ২০২৪ চনৰ ৪ জুনৰ দিনা মোডীয়ে যি পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল তাতকৈ বহুগুণ ডাঙৰ পৰাজয়ৰ সন্মুখীন হ’ব জন্মু-কাশ্মীৰত।

আনহাতে, জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত এখন বৈঠকত নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে এই ভোটে ঐতিহাসিক জনমত দিবলৈ গৈ আছে। এইটো স্পষ্ট যে প্ৰথমবাৰৰ বাবে সংখ্যাগৰিষ্ঠতাৰে জম্মু-কাশ্মীৰত বিজেপিয়ে নিজাকৈ চৰকাৰ গঠন কৰিব।