পোন্ধৰ দিনৰ পাছত ঘূৰি অহাৰ কথা আছিল। বৰ্তমান পৰিস্থিতিত সেই উভতি অহাটো সুদূৰ পৰাহত। অহা বছৰৰ ফেব্ৰুৱাৰীৰ পূৰ্বে মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব নোৱাৰিব সুনীতা উইলিয়ামছ, বুচ উইলমোৰৰ দলটো।
মাজত আছে দীঘলীয়া ৬ মাহ। তেতিয়ালৈকে তাত দিনটো কেনেদৰে কটাব সেই সন্দৰ্ভত যথেষ্ট চৰ্চা আৰু জল্পনা চলিছে। কেতিয়াবা অৱশ্যে মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা, উইলমোৰে ভিডিঅ’ মেছেজত তেওঁলোকে ‘ভালে থকা’ৰ খবৰ দিছে।
কিন্তু এই মুহূৰ্তত তেওঁলোক সঁচাকৈয়ে নিৰাপদ নে? জানিব পৰা গৈছে যে মহাকাশ কেন্দ্ৰত অক্সিজেন আৰু খাদ্যৰ নাটনি হৈছে। সুনীতাহঁতৰ বিপদ বাঢ়িছে? এই খবৰটো কিমান সত্য সেই কথা স্পষ্ট কৰি দিলে নাছাই।
লগতে পঢ়কঃ জগনমোহনৰ সংগ এৰি চন্দ্ৰবাবুৰ শিবিৰত ২ সাংসদ! ৰাজ্যসভাত শক্তিবৃদ্ধি এনডিএৰ
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাৰ মতে, চিন্তাৰ কোনো কাৰণ নাই। ইতিমধ্যে তালৈ অক্সিজেন, খাদ্য, পানী আৰু কাপোৰ লৈ কাৰ্গো বিমান উৰা মাৰিছে। আৱদ্ধ মহাকাশ বিজ্ঞানীসকলৰ হাতত থাকিব সকলো প্ৰয়োজনীয় সামগ্ৰী।
নাছাৰ তথ্য অনুসৰি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰা হৈছে দুখন কাৰ্গো মহাকাশযান। এখনত ৮২০০ পাউণ্ড খাদ্য, পানী আৰু প্ৰয়োজনীয় সা-সামগ্ৰী আছে। আনখন তিনি টন সামগ্ৰীৰে ভৰপূৰ।
তদুপৰি, সুনীতাহঁতে এতিয়া মহাকাশ কেন্দ্ৰত শাক-পাচলিৰ খেতি কৰি আছে। ফলত খাদ্যৰ অভাৱৰ কোনো কাৰণ নাই। সুনীতা আৰু বুচ উইলমোৰ মহাকাশত কৃষিকৰ্মৰ গৱেষণাত ব্যস্ত। কেনেকৈ আৰু ভালদৰে শস্য উৎপাদন কৰিব পাৰি তাৰ ওপৰত গৱেষণা।
নাছাৰ তথ্য অনুসৰি শূন্য স্থানত ওলমি থকা অৱস্থাত সুস্থ হৈ থাকিবলৈ মহাকাশ কেন্দ্ৰত এটা জিম নিৰ্মাণ কৰি দিয়া হৈছে। তাত তেওঁলোকে লঘু ব্যায়াম, শৰীৰচৰ্চা কৰিব পাৰে। নাছাই দাবী কৰিছে যে তেওঁলোকে ভালকৈ জীয়াই থাকিব পাৰিব।
লগতে পঢ়কঃ ছেপ্তেম্বৰৰ পৰা পুনৰ বৃদ্ধি পাব গাখীৰৰ দাম : বছৰত ৩ বাৰকৈ বাঢ়িল গাখীৰৰ মূল্য
ইপিনে, সুনীতা উইলিয়ামছৰ বিজ্ঞানী মাতৃ বনি পাণ্ডিয়াই অভিযানত যোৱাৰ সময়ত এনে বিপদজনক পৰিস্থিতিত আবদ্ধ হৈ পৰাৰ বাবে বেছি উদ্বিগ্ন নহয়। সংবাদমাধ্যমত তেওঁ কৈছে, ‘’মই তাইক কোনো বিশেষ পৰামৰ্শ দিয়া নাছিলো। তাই নিজৰ কামটো ভালদৰে জানে। ইয়াৰ পূৰ্বেই মহাকাশ কেন্দ্ৰত ৪০০ দিনতকৈও অধিক সময় কটাই আহিছে। এতিয়াও বৰ বেছি চিন্তাৰ কাৰণ নাই। সকলো ঠিক হৈ যাব।”