বৃহৎ সম্ভাৱনাৰ দুৱাৰ মুকলি! চন্দ্ৰত পানীৰ সন্ধান লাভ; নিশ্চিত কৰিলে নাছাৰ বিজ্ঞানীয়ে

WhatsApp Image 2020-10-27 at 11.01.06 AM

চন্দ্ৰত পানীৰ সন্ধান লাভ কৰিছে নাছাৰ বিজ্ঞানীসকলে। নাছাৰ বিজ্ঞানীসকলে দাবী কৰিছে যে চন্দ্ৰত পানী পোৱা গৈছে।

চন্দ্ৰপৃষ্ঠৰ যিটো অংশত সূৰ্যৰ পোহৰৰ দ্বাৰা আলোকিত হয়, তাতেই পানী থকাৰ কথাটো নিশ্চিত কৰা হৈছে।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ষ্ট্ৰেট’ছফেৰিক অৱজাৰভেটৰি ফৰ আনফ্ৰাৰেড এষ্ট্ৰ’নমি (ছোফিয়া)য়ে চন্দ্ৰৰ বুকুত পানী থকাৰ কথাটো নিশ্চিত কৰিছে।

চন্দ্ৰৰ বিভিন্ন অংশত পানী থাকিব পাৰে বুলি অনুমান কৰা হৈছে আৰু এই সম্পৰ্কত বহুখিনি তথ্যও দাঙি ধৰিছে নাছাই।

ছোফিয়াই চন্দ্ৰৰ ক্লেভিয়াছ ক্লেটাৰত পানীৰ অনু (H2O) পোৱা বুলি নাছাই জানিবলৈ দিছে। কিন্তু ইয়াতেই নাছাই এক বিৰাট সাফল্য লাভকৰা বুলি ধাৰণা কৰা হৈছে।

চন্দ্ৰৰ দক্ষিণ গোলাৰ্দ্ধৰ আটাইতকৈ বৃহৎ গহ্বৰ হৈছে ক্লেভিয়াছ ক্লেটাৰ।

উল্লেখ্য যে চন্দ্ৰত প্ৰাণীৰ অস্তিত্বক লৈ সুদীৰ্ঘ সময় ধৰি গৱেষণা চলি আহিছে। পূৰ্বতে গৱেষণাত চন্দ্ৰত হাইড্ৰ’জেনৰ উপস্থিতিৰ কথা প্ৰকাশ পাইছিল যদিও পানীৰ সন্ধান লাভ কৰিব পৰা হোৱা নাছিল।

নাছাই চন্দ্ৰত পানীৰ সন্ধান লাভ কৰাৰ লগে লগেই এক বিৰাট সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱা বুলি চৰ্চা চলিছে।