ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বাঘ। কিন্তু গৰুক জাতীয় জন্তু বুলি কোৱা হ’বনে? এনে এটা প্ৰশ্ন উত্থাপন হৈছিল সংসদত। যাৰ বাবে কেন্দ্ৰৰ ৰাষ্ট্ৰীয় গো-কুল মিছনৰ ওপৰত জোৰদাৰ আলোচনা চলি আছে। যদিও কেন্দ্রই লোকসভাত লিখিত প্রশ্নৰ জৰিয়তে জনাইছে যে তেনে কোনো পৰিকল্পনা নাই৷
এই কথা মঙলবাৰে কয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী এছ পি সিং বাঘেলে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে এই প্ৰশ্ন কৰে। যাৰ উত্তৰত বাঘেলে কয় যে ভাৰতীয় সংবিধানৰ ২৪৬(৩) অনুচ্ছেদ অনুসৰি এই বিষয়টো সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে।
মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰী এছ পি সিং বাঘেলেও কয় যে কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰীয় গো-কুল মিছন চলাই আহিছে।এইটো আৰম্ভ কৰা হৈছিল যাতে ৰাজ্যসমূহে দুগ্ধ উদ্যোগটোক উন্নত ধৰণে সুৰক্ষা, উত্থান আৰু প্ৰচাৰ কৰিব পাৰে। সংসদত তেওঁ লগতে কয় যে ২০২৪ চনত বিশ্বৰ মুঠ গাখীৰৰ ৫৩.১২ শতাংশ ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছিল। মুঠ ধনৰাশি আছিল ২৩৯.৩০ মিলিয়ন টন। তদুপৰি ম’হৰ গাখীৰ ৪৩.৬২ শতাংশ ৰপ্তানি হয়।
২০১৪ চনত মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিৰোধীয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে যে বিজেপিয়ে গৰুটোক জাতীয় জন্তু হিচাপে ঘোষণা কৰি ভাৰতক সম্পূৰ্ণ গোহালিলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত গো-মাংস খোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি আৰু মিত্ৰ দলসমূহে। যাৰ বাবে সৰু সৰু হিংসাত্মক ঘটনাও সংঘটিত হৈছে। যাৰ বাবে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে বাৰে বাৰে বিজেপিক আক্ৰমণ কৰি আহিছে। তেওঁলোকে স্পষ্টকৈ দাবী কৰে যে মোদী চৰকাৰে ৰাইজৰ খাদ্যাভ্যাসত হস্তক্ষেপ কৰিছে।