২ নৱেম্বৰত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আয়ুৰ্ৱেদ দিৱস উদযাপনৰ প্ৰস্তুতি

২ নৱেম্বৰত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আয়ুৰ্ৱেদ দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে।

প্রত্যেক বছৰৰ কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশী তিথিত ধন্বন্তৰি জয়ন্তী পালন কৰা হয়৷ এই পবিত্ৰ তিথিতে ভগৱান ধন্বন্তৰি অমৃত কলহৰ সৈতে আবিৰ্ভাৱ হৈছিল বুলি বিশ্বাস কৰা হয়।

সুস্বাস্থ্য, সুখ আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ জনমংগলৰ অৰ্থে ভগৱান ধন্বন্তৰিৰ আবিৰ্ভাৱ হৈছিল বুলি জনবিশ্বাস আছে। আয়ুৰ্ৱেদ চিকিৎসাক জনসাধাৰণৰ মাজত লৈ যোৱা আৰু এঁতিহ্যপূৰ্ণ এই চিকিৎসা পদ্ধতিৰ বিষয়ে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে, ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ২০১৬ চনৰ পৰা প্ৰতিবছৰে ধন্বন্তৰি জয়ন্তীৰ দিনা ৰাষ্ট্ৰীয় আয়ুৰ্ৱেদ দিৱস উদযাপন কৰা হৈ আহিছে৷

সেই উপলক্ষ্যে চৰকাৰী আয়ুৰ্ৱেদিক মহাবিদ্যালয়ত এক বৃহৎ কাৰ্যসূচীৰে নবেম্বৰ মাহৰ ২ তাৰিখে এই দিৱস উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

অসমৰ একমাত্র আয়ুৰ্বেদিক প্ৰতিষ্ঠান চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ইতিমধ্যে উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাবে গঢ়াৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে৷

আয়ুস মন্ত্ৰালয় ভাৰত চৰকাৰৰ অৰ্থ সাহায্যৰে ইতিমধ্যে সুকীয়া পঞ্চকৰ্ম চিকিৎসালয় নিৰ্মাণ আৰু ৰাজ্যিক ওষধ প্ৰস্তুতকৰণ কাৰখানাৰ উন্নীতকৰণৰ পদক্ষেপ লোৱা হৈছে৷ ইয়াৰ জৰিয়তে জনগণে পঞ্চকৰ্ম চিকিৎসাৰ সকলো অত্যাধুনিক সুবিধা লাভ কৰাৰ লগতে সকলোধৰণৰ আয়ুৰ্ৱেদিক ঔষধ সুলভ মূল্যত / বিনামূলীয়াকৈ লাভ কৰিব।

ইতিমধ্যে দুধনৈত অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু অচিৰেই ইয়াৰ চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰা হব।

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ইতিমধ্যে উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ বাবে সিদ্ধান্ত লোৱা হৈছে আৰু প্রয়োজনীয় ধন মোকলাই দিয়া হৈছে।