কাৰ শ্ৰুতলিপি মতে চলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ? অধ্যক্ষৰ মন্তব্যকলৈ ব্যাপক প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগকলৈ নানান বিতৰ্ক চলি থকাৰ মাজতে আয়োগৰ অধ্যক্ষই কাশ্মীৰ প্ৰসংগত দেশৰ গৃহমন্ত্ৰীক মুকলিমূৰীয়াকৈ প্রশংসা কৰাৰ কথাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ২৮ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত আয়োগৰ অধ্যক্ষ অৰুণ কুমাৰ মিশ্ৰই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাবেই উত্তৰ পূৰ্বাঞ্চল আৰু কাশ্মীৰত নতুন যুগৰ সূচনা হোৱা মন্তব্য কৰিছে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষগৰাকীৰ এনে মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে।

মেহবুবাই কৈছে যে কাশ্মীৰত বিজেপি চৰকাৰৰ দিনত যাকতে তাকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে শেহতীয়াকৈ কাশ্মীৰত হিন্দু কাশ্মীৰী পণ্ডিতক হত্যা কৰিবলৈ আৰম্ভ কৰিছে পাক সন্ত্ৰাসবাদীয়ে।

পাক সন্ত্ৰাসবাদীক প্ৰতিহত কৰাৰ ক্ষেত্ৰত অমিত শ্বাহৰ গৃহ দপ্তৰ পুৰা মাত্ৰাই ব্যৰ্থ হৈছে।

ইমানৰ পিছতো সকলো চৰকাৰী প্ৰটোকল ভংগ কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ গৰাকীয়ে কাশ্মীৰত অমিত শ্বাহৰ বাবেই নতুন যুগৰ সূচনা হোৱা বুলি কোৱা কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।