মণিপুৰৰ ৰাজধানী ইম্ফলস্থিত খুমাম লেম্পাৰ্ক স্প’ৰ্টছ কমপ্লেক্স ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে ৪১ সংখ্যক নেশ্যনেল জুনিয়ৰ বয়জ হেণ্ডবল চেম্পিয়নশ্বিপ। দেশৰ ২৮খন ৰাজ্যৰ লগতে দুখন স্প’ৰ্টছ একাডেমিৰ পৰা মুঠ ৫০০ খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশ লৈছে।
হেণ্ডবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ উদ্যোগত তথা মণিপুৰ এছ’চিয়েশ্যনৰ সহযোগত ছয়দিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাখনত আয়োজক মণিপুৰৰ লগতে উত্তৰ-পূবৰ আন তিনিখন ৰাজ্য ক্ৰমে অসম, নাগালেণ্ড আৰু ত্ৰিপুৰায়ো অংশগ্ৰহণ কৰিছে।
প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যখনৰ বন তথা পৰিবেশ মন্ত্ৰী শ্যামকুমাৰে নিজৰ ভাষণ প্ৰসংগত কয় যে এই প্ৰতিযোগিতাখনৰ জৰিয়তে খেলুৱৈসকলৰ মাজত শান্তি-সম্প্ৰীতি বৃদ্ধি পোৱাৰ লগতে ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাত সহায়ক হ’ব।
আন এগৰাকী ব্যক্তি এল সুসিন্দ্ৰই প্ৰতিযোগিতাখনত অংশ লোৱা প্ৰতিগৰাকী খেলুৱৈকে স্বাগতম জনোৱাৰ লগতে ইম্ফলত এনেধৰণৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা বাবে আয়োজকক ধন্যবাদ জনায়। ইয়াৰ উপৰি আয়োজকক কিবা সহায়ৰ প্ৰয়োজন হলে চৰকাৰক জনাবলৈও অনুৰোধ জনায়।
শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী শ্যামকুমাৰ, এল সুসিন্দ্ৰৰ লগতে এছ ৰঞ্জন সিং, অমন্দেশ্বৰ পাণ্ডে, হেণ্ডবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ প্ৰতিনিধি, মণিপুৰ হেণ্ডবল এছ’চিয়েশ্যনৰ সদস্য, প্ৰশিক্ষক তথা খেলুৱৈসকলো উপস্থিত থাকে।