আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতত বিশ্বৰ ১৮০খন দেশৰ ভিতৰত শেহতীয়াকৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ৰমাংক ১৫০। আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাত সংবাদ মাধ্যমৰ ভূমিকা তথা স্বাধীনতাৰ কিমান প্ৰয়োজনীয় সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। ৰাষ্ট্ৰৰ স্বৈৰতন্ত্ৰক ৰাইজৰ আগত উন্মুক্ত কৰি ইয়াৰ বিৰুদ্ধে গণ আন্দোলনৰ সৃষ্টি কৰাতো সংবাদ মাধ্যমৰ গুৰু ভূমিকা থাকে। ৰাষ্ট্ৰ তথা ৰাষ্ট্ৰ পৰিচালনাৰ ভুল-ত্ৰুটি আৰু অন্যায়-অনিয়মবোৰ সংবাদ মাধ্যমে উন্মোচন কৰি জনচেতনা জগাই তোলে। সেয়ে সংবাদ মাধ্যমক নিৰপেক্ষ বুলি ক’লেও স্বৰূপাৰ্থত এই নিৰপেক্ষ নহয়, আচলতে ই জনতাৰ পক্ষহে।
কিন্তু আজি ভাৰতৰ সংবাদ মাধ্যমত জনতাৰ পক্ষত আছে নে? ভাৰতৰ সংবাদ মাধ্যমে কি কি সমস্যাত ভুগি আছে? ভাৰতত সংবাদ মাধ্যম সঁচাকৈ জনগণৰ পক্ষত আছে নে? নে ৰাষ্ট্ৰৰ তোষামোদ কৰি সংবাদ মাধ্যমৰ দায়িত্বৰ পৰা ফালৰি কাটিছে? আজি এই প্ৰতিবেদনত থাউকতে আমি এই প্ৰশ্নটোৰ উত্তৰটো বিচাৰিবলৈকে প্ৰয়াস কৰিম।
পূৰ্বে আমি উল্লেখ কৰি আহিছো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠা দিৱস হিচাপে প্ৰতি বছৰে ভাৰতত ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হয়। সাধাৰণতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ উপলক্ষ্যেহে পালন কৰি অহা হয়। কিন্তু বৰ্তমান সময়ত দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতা হৰলুকি হোৱা বুলিয়ে ক’ব পাৰি। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই আমি ভাৰতৰ সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান আৰু ভূমিকাবোৰ বিষয়ে সংক্ষেপে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতা হৰণত কেতবোৰ কাৰকৰ বিশেষ ভূমিকা থাকিলেও মূল কাৰকটো হৈছে ৰাষ্ট্ৰ। অৰ্থাৎ শাসনাধিষ্ঠ চৰকাৰ। চৰকাৰী পৃষ্ঠপোষকতাতে বৰ্তমান দেশৰ সংবাদ মাধ্যমৰ ক’বলৈ গ’লে একপ্ৰকাৰৰ অধোগতিৰ সূচনা হৈছে। যিবোৰ আমি প্ৰত্যাহ্বানৰূপে চিহ্নিত কৰি আহিছো।
পেইড নিউজ: ভাৰতীয় সংবাদ মাধ্যমে সন্মুখীন হোৱা অন্যতম গুৰুতৰ প্ৰত্যাহ্বানটো হৈছে পেইড নিউজ। পেইড নিউজে দেশৰ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ সৌধৰ প্ৰতিয়ে ভাবুকি আনিছে। একপ্ৰকাৰে ক’বলৈ গ’লে পেইড নিউজে ভাৰতীয় সংবাদ মাধ্যমক সংশ্লিষ্ট পক্ষসমূহৰ ভৃত্যতহে পৰিণত কৰিলে। বৃহৎ আৰু ধনাঢ্য গোষ্ঠীসমূহৰ পৰা ধন লৈ সংবাদ সংস্থাসমূহৰ মালিক পক্ষই ধন লৈ তেওঁলোকৰ বাবে বাতৰি প্ৰকাশ বা প্ৰচাৰ কৰে। পেইড নিউজত জনগণৰ স্বাৰ্থতকৈ ধন দিয়া সংশ্লিষ্ট পক্ষসমূহক অগ্ৰাধিকাৰ দিয়া হয়, যাৰফলত সংবাদ মাধ্যমে গণতন্ত্ৰৰ কথিত চতুৰ্থ স্তম্ভক জলাঞ্জলি দিয়ে। বৃহৎ কৰ্পৰেট গোষ্ঠী, ব্যৱসায়িক সংস্থা, বণিক গোষ্ঠী, আনকি চৰকাৰী পক্ষৰো বিভিন্ন সংস্থাই পেইড নিউজেৰে দেশৰ সংবাদ মাধ্যমক একপ্ৰকাৰে ক্ৰয় কৰা বুলিলেও অত্যুক্তি কৰা নহয়। দেশৰ প্ৰায়বোৰ সংবাদ সংস্থাই এতিয়া পেইড নিউজৰ চিকাৰ।
মিডিয়া ট্ৰায়েল: মিডিয়া ট্ৰায়েল হৈছে এক ভয়ংকৰ ব্যাধি। সংবাদ প্ৰতিষ্ঠানে নিজেই আদালতৰ ভূমিকাত অৱতীৰ্ণ হৈ অভিযুক্তক দোষী সাব্যস্ত কৰে। আদালতৰ ৰায়দানৰ পূৰ্বেই সংবাদ মাধ্যমে বিতৰ্ক, আলোচনা, চৰ্চা আৰু বাতৰি আদি প্ৰচাৰ কৰি অভিযুক্ত দোষী বুলিয়েই ঘোষণা কৰে। চৰকাৰী আশীষধন্য সংবাদ প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হয়। মিডিয়া ট্ৰায়েলৰ ফলত দৰ্শক/পাঠকৰ মনত অভিযুক্তৰ প্ৰতি এনে এক বিশ্বাসৰ সৃষ্টি হয়, যাৰ ফলত গোচৰৰ মেৰিট’ক্ৰেচীত প্ৰভাৱ পৰে।
মেডিয়া ট্ৰাইলৰ উৎকৃষ্ট নিদৰ্শন হৈছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰে সংলগ্ন ড্ৰাগছ গোচৰ আৰু জেচিকা লাল হত্যাকাণ্ড আদি। চৰকাৰী তোষামোদকাৰী সংবাদ প্ৰতিষ্ঠানসমূহে সুশান্তৰ ঘটনাটোত ৰীয়া চক্ৰৱৰ্তীক একপক্ষীয়ভাৱে দোষী সাব্যস্ত কৰি জনমানসত হেয় প্ৰতিপন্ন কৰাই নহয় ব্যক্তিগত জীৱনৰো গোপনীয়তা অধিকাৰক খৰ্ব কৰিছিল।
ৰিপ’ৰ্টিঙৰ বৈচিত্ৰতাৰ অভাৱ: সংবাদ মাধ্যমত বৈচিত্ৰ্য আৰু সাংস্কৃতিক অন্তৰ্ভুক্তি এটা গুৰুত্বপূৰ্ণ বিষয়। ভাৰতৰ সংবাদ মাধ্যমত উচ্চবৰ্ণ সম্প্ৰদায়ৰ তুলনাত নিম্ন আৰু মহিলাৰ প্ৰতিনিধত্বৰ বৃহৎ তফাৎ আছে। ইমানেই নহয়, নীচ জাত, দলিত, পিছপৰা জাতি-জনগোষ্ঠীসকলৰ বাতৰিৰ কভাৰেজো অতি নগণ্য। সমীক্ষা অনুসৰি ইংৰাজী বাতৰি কাকতত দলিত আৰু আদিবাসীসকলৰ বাতৰিৰ কভাৰেজ ৫%তকৈ ক’ম। হিন্দী বাতৰি কাকতত ইয়াৰ কাভাৰেজ সামান্য বেছি যদিও ই ১০%তকৈ অধিক নহয়। ভাৰতৰ নিউজ চেনেলসমূহে প্ৰদান কৰা প্ৰতিনিধিত্বৰ ওপৰত নেটৱৰ্ক অৱ উইমেন ইন মিডিয়া ইণ্ডিয়াই শেহতীয়া বছৰবোৰত অধ্যয়ন আৰু সমীক্ষা কৰি আহিছে।
সংস্থাটোৰ সমীক্ষাৰ মতে উচ্চবৰ্ণৰ পুৰুষৰ প্ৰতিনিধিত্ব বহু পৰিমাণে বেছি। আনহাতে মহিলা আৰু নিম্নবৰ্ণৰ প্ৰতিনিধিত্ব চকুত লগাকৈ ক’ম। নেটৱৰ্ক অৱ উইমেন ইন মিডিয়া ইণ্ডিয়াৰ গৱেষণা অনুসৰি ২৮টা মেডিয়া ষ্টেচন আৰু ১১টা ভাষাত প্ৰাইম টাইম নিউজ বিতৰ্কত মহিলা আৰু নিম্নবৰ্ণৰ পেনেলিষ্টৰ সংখ্যা মাত্ৰ ১৩.৭ শতাংশহে। ইয়াৰ পৰাই প্ৰমাণ হয় যে ভাৰতৰ দৰে বহুভাষিক, বহুমাত্ৰিক, বহুজাতিক বৈচিত্ৰময় ৰাষ্ট্ৰখনত সংবাদ মাধ্যমৰ বৈচিত্ৰতাৰ তেনেই অভাৱ। যাৰফলত তেওঁলোকে চৰকাৰ সুদৃষ্টি লাভৰ পৰা বঞ্চিত হোৱাই নহয়, ভাৰতীয় সমাজে কুসংস্কাৰ দৰে সামাজিক ব্যাধি, ৰাজনৈতিক গুৰুত্বৰ পৰা বঞ্চিত হৈ আহিছে।
সংবাদ মাধ্যমৰ মুষ্টিমেয় মালিকীস্বত্ব: ভাৰতীয় মিডিয়া হাউছৰ অধিকাংশই ৰাজনৈতিক ব্যক্তি অথবা ব্যৱসায়ীৰ মালিকানাধীন। সেয়ে প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানেই ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত নহয়। উদাহৰণস্বৰূপে, জি নিউজ, উইয়ন আদি চেনেল অন্তৰ্ভুক্ত কৰা জি নেটৱৰ্কৰ মালিক বিজেপিৰ সংসদ সদস্য সুভাষ চন্দ্ৰ। ইয়াৰ ফলত সংবাদ সংস্থাসমূহে জনগণৰ স্বাৰ্থত মাত মাতিবলৈ সক্ষম নহয়। বা চৰকাৰী তৈল মৰ্দন কৰিবলৈ বাধ্য হয় সংবাদ মাধ্যম। চৰকাৰী বিজ্ঞাপনৰ কথাটো নক’লোৱেই বাৰু।
চৰকাৰী মালিকানাধীন সংবাদ মাধ্যম: চৰকাৰী মালিকানাধীন সংবাদ মাধ্যম, যেনে অল ইণ্ডিয়া ৰেডিঅ’, দূৰদৰ্শন, ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়, প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো আদিয়ে জনগণৰ স্বাৰ্থতকৈ চৰকাৰী প্ৰচাৰ যন্ত্ৰৰূপেহে দায়িত্ব পালন কৰে।চৰকাৰী মালিকানাধীন সংবাদ মাধ্যমে চৰকাৰী নীতি আৰু ইয়াৰ লগতে উন্নয়নমূলক প্ৰকল্পসমূহৰ সম্পৰ্কীয় বাতৰিসমূহ সাধাৰণ জনতাৰ মাজত প্ৰেৰণ কৰা মাধ্যম হিচাপেহে কাম কৰে। যাৰফলত এই মাধ্যমক জনতাই আস্থা আৰু বিশ্বাসত ল’ব নোৱাৰে।
সাংবাদিকৰ ওপৰত আক্ৰমণ, গ্ৰেপ্তাৰ, হত্যা আদিৰ কথা সকলোৱেই জ্ঞাত।
এতিয়া আহোঁ মূল কথালৈ। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা কিমান? শেহতীয়াকৈ প্ৰকাশ পোৱা বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ৰমাংক হ’ল ১৫০। ইয়ে প্ৰমাণ কৰে আমাৰ দেশত সংবাদ মাধ্যমৰ স্বাধীনতা কি? ৰাষ্ট্ৰ যন্ত্ৰৰ ফেচীবাদী প্ৰৱণতা যিমানেই বৃদ্ধি পাইছে সিমানে সংবাদ মাধ্যমৰ স্বাধীনতা হৰলুকি হৈছে। সাংবাদিকৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰ আৰু অত্যাচাৰ বৃদ্ধি পাইছে। উল্লেখ্য যে বিজেপিয়ে শাসনলৈ অহাৰ পাছত ২০১৪ চনৰ পৰা ২০২২ চনলৈ ১৮ সাংবাদিক তথা সংবাদ কৰ্মীক হত্যা কৰা হৈছে, এই তথ্য কমিটি অৱ প্ৰটেক্ট জাৰ্ণালিষ্টৰ। ইফালে এই সময়ছোৱাত চৰকাৰৰ ৰোষত পৰি কাৰাবৰণ কৰা সাংবাদিকৰ সংখ্যাও ক’ম নহয়।
উল্লেখ্য বিগত প্ৰায় এটা দশকত ভাৰতত ভিতৰত ১৫৪ জন সাংবাদিকক গ্ৰেপ্তাৰ, আটক বা জেৰা কৰা হৈছিল। ইয়াৰ মাজত ৯জন বিদেশী সাংবাদিককো বিতাড়ন, গ্ৰেপ্তাৰ, জেৰা আৰু ভাৰতত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছিল। ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু হোৱাৰ উপৰিও ‘সংবাদ মাধ্যমৰ বিৰুদ্ধে সন্ত্ৰাসবাদ সম্পৰ্কীয় অভিযোগ আৰু দেশদ্ৰোহৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৰ্তমান তিনিজন সাংবাদিকক UAPA আইনৰ অধীনত গোচৰ চলি আছে, ইয়াৰে এজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাও হৈছিল।
এই সময়ছোৱাত সাংবাদিকৰ বিৰুদ্ধে ৰাজনীতিবিদ আৰু কৰ্পৰেট হাউছৰ অপৰাধমূলক মানহানিৰ গোচৰো যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছ। শেহতীয়াকৈ কমেডিয়ান কুনাল কামৰা আৰু কমিক চেনিটেৰী পেনেলছৰ সৃষ্টিকৰ্তা ৰচিতা তানেজাৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ উত্থাপন হৈছিল। সাংবাদিকৰ সুৰক্ষা আৰু মত প্ৰকাশৰ স্বাধীনতা সূচকাংকৰ ক্ষেত্ৰত ভাৰত নিম্নগামী হৈ আহিছে।
চিন্তনীয় কথাটো হ’ল, সাংবাদিকৰ ওপৰত শাৰীৰিক আক্ৰমণ বৃদ্ধি পাইছে যদিও ২০১৪ৰ পৰা ১৯ বৰ্ষত কমেও ১৯৮টা আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। কেৱল ২০১৯ চনত ৩৬ গৰাকীকৈ সাংবাদিকৰ ওপৰত আক্ৰমণ নমাই অনা হৈছিল। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কাৰাভানৰ সাংবাদিক শ্বাহিদ তন্ত্ৰয়, প্ৰভজিৎ সিং, আৰু এগৰাকী মহিলা সাংবাদিকৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱাৰ পাছত চৰকাৰী অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে এফআইআৰ পঞ্জীয়ন নকৰাৰ দৃষ্টান্তও আছে।
বিজেপি শাসিত ৰাজ্যত আছে সাংবাদিকৰ বিৰুদ্ধে বেছিভাগ গোচৰ: প্ৰসংগক্ৰমে বিগত দশকত নথিভুক্ত ১৫৪ টা সাংবাদিক আক্ৰমণ ঘটনাৰ ভিতৰত ৭৩টা বিজেপি শাসিত ৰাজ্যক সংঘটিত হৈছেছে। ৩০ আক্ৰমণ ঘটনা হৈছে বিজেপিৰ মিত্ৰজোট NDAৰ চৰকাৰ থকা ৰাজ্যত। বিজেপি শাসিত ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক ২৯ টা সাংবাদিকক আক্ৰমণৰ ঘটনা আছে।
গোদী মেডিয়া: ইফালে গোদী মেডিয়া আৰু সামাজিক মাধ্যমৰ কথাবোৰ আলোচনালৈ অনাই হোৱা নাই। গোদী মেডিয়াই দেশৰ সংবদা মাধ্যমক কেনেকৈ চৰকাৰী চাতুকাৰিতালৈ পৰিণত হৈছে সেয়া সচেতন লোক মাত্ৰেই অৱগত। মুঠৰ ওপৰত ভাৰতৰ সংবাদ মাধ্যমে এতিয়া দুটা ভাগত বিভক্ত বুলিব পাৰিব। জনতাৰ পক্ষত থকা ভাগটোৱে অহৰহ চৰকাৰী অত্যাচাৰ সহিবলগীয়া হোৱাৰ বিপৰীতে চৰকাৰৰ আশীষধন্য হৈ আছে গোদী মেডিয়া।