ইম্ফলত আৰম্ভ ফেন্সিঙৰ ৬৪ সংখ্যক নেশ্যনেল স্কুল গেইমছ

National-Games-

ফটো : নৰ্থ-ইষ্ট নাও

মঙলবাৰৰ পৰা মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত আৰম্ভ হয় ফেন্সিঙৰ ৬৪ সংখ্যক নেশ্যনেল স্কুল গেইমছ। ইম্ফলস্থিত খুমান লামপাৰ্ক ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ল’ৰা-ছোৱালীৰ ১৪ আৰু ১৭ অনূৰ্ধ্বৰ প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে।

প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰি মুখ্য মন্ত্ৰী সিঙে ভাষণ প্ৰসংগত কয় যে যুৱ প্ৰজন্মৰ শাৰিৰীক, মানসিক উৎকৰ্ষ সাধনৰ লগতে এজন সুনাগৰিক হিচাপে হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ৰীড়াই যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ক্ৰীড়াই হৈছে একমাত্ৰ মাধ্যম যিয়ে ধনী-দুখীয়া, বৰ্ণ-ধৰ্ম বিচাৰ নকৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কমনৱেল্থ গেইমছত মণিপুৰৰ খেলুৱৈয়ে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি কয় যে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত পাৱাৰ হাউছ হিচাপে ইতিমধ্যে পৰিচিত মণিপুৰৰ ৪৮গৰাকী খেলুৱৈয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কুল প্ৰতিযোগিতাত অংশ ল’ব বুলি জানিবলৈ পাই মই যথেষ্ট সুখী।

আনহাতে উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিপে কয় যে মণিপুৰৰ ক্ৰীড়াৰ উত্তৰণৰ ক্ষেত্ৰত এনেধৰণৰ স্কুল পৰ্যায়ৰ প্ৰতিযোগিতাই যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।

উল্লেখ্য যে ১৭ নৱেম্বৰলৈ চলিব লগীয়া প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৯টা দলৰ মুঠ ৭৩০জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা বুলি আয়োজকে জানিবলৈ দিয়ে। দলকেইটা হ’ল অন্ধ্ৰ প্ৰদেশ, বিহাৰ, চি বি এছ ই ৱেলফেয়াৰ স্প’ৰ্টছ অৰগানায়জেশ্যন, চণ্ডিগড়, ছত্তিছগড়, দিল্লী, গুজৰাট, হাৰি?আনা, ইণ্ডিয়ান পাব্লিক স্কুল কনফাৰেন্স, জম্ম আৰু কাশ্মীৰ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, নামিল নাডু, টেলেংগানা, উত্তৰ প্ৰদেশ, বিদ্যা ভাৰতী, ইণ্টাৰনেশ্যনেল ব’ৰ্ড স্কুল স্প’ৰ্টছ অৰগানায়জেশ্যন আৰু মণিপুৰ।

উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰীৰ উপৰি ক্ৰীড়া বিভাগৰ সচিব ববি ৱাইখম, স্কুল গেইমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অবজাৰ্ভাৰ সঞ্জয় গৌতমৰ লগতে বিভিন্ন লোক উপস্থিত থাকে।