মাৰ্ঘেৰিটাত চাৰি দিনীয়া ৰাষ্ট্রীয় যোগ আৰু প্রকৃতি অধ্যয়ন শিৱিৰ সম্পন্ন

dav

ফটো: নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটা নগৰৰ উপকণ্ঠৰ বৰগোলাই ব্লুবাৰ্ড চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় প্রাংগনত  যোগা ফিজিক এডুকেশ্যন ব’ৰ্ড, অসমৰ উদ্যোগত অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় যোগ আৰু প্ৰকৃতি অধ্যয়ন শিৱিৰ (নেশ্যনেল য়গা এণ্ড নেচাৰ ষ্টাডি কেম্প)ৰ শনিবাৰে সফল সামৰণি পৰে। 

সন্ধিয়া বিদ্যালয়খনৰ প্রেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ক্ৰীড়া সংগঠক ভানু  চক্ৰৱৰ্ত্তী, বিশিষ্ট চিকিৎসক ডাঃ টি চি বৰঠাকুৰ , ক্ৰীড়াবিদ প্রদীপ নাথ, ব্লুবাৰ্ড বিদ্যালয়ৰ অধ্যক্ষা সুজাতা চক্ৰৱৰ্ত্তী , উপাধ্যক্ষা প্রিয়দৰ্শিনী বৰঠাকুৰ, ফিজিক এডুকেশ্যন ব’ৰ্ডৰ সুখময় নাথ উপস্থিত থাকে।

অনুষ্ঠানত  মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰ, সংস্থাৰ মুখপাত্র মানস প্রতীম গগৈ আৰু বিদ্যালয়খনৰ স্বত্বাধিকাৰ তাপস ভৌমিককে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে।

অসমৰ বিভিন্ন জিলাৰ লগতে পশ্চিমবংগৰ  প্রশিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰা শিৱিৰৰ সামৰণি অনুষ্ঠানত শুভেচ্ছামূলক  বক্তব্য আগবঢ়ায় ব্লুবাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সঞ্চালক  ৰত্না ভৌমিকে।

অনুষ্ঠানত প্রশিক্ষাৰ্থীসকলে যোগাসনৰ বিভিন্ন কলা-কৌশল প্রদৰ্শন কৰে।  সুদীপ চক্ৰৱৰ্ত্তীয়ে  আঁত ধৰা অনুষ্ঠানতে প্রশিক্ষাৰ্থীসকলক  প্রশংসাপত্র প্রদান কৰা হয়।