অসমৰ আপোচহীন সংগ্রামী সত্ত্বা, খ্যাতনামা ৰাজনৈতিক বিশ্লেষক, জনহিতৈষী বুদ্ধিজীৱী ড হীৰেন গোহাঁইৰ নেতৃত্বত ১৯৯৮ চনৰ পৰা অসমত গণতান্ত্রিক আৰু প্রগতিশীল চিন্তাৰ প্ৰচাৰ-প্ৰসাৰ, ধর্মান্ধতা-সাম্প্রদায়িকতাৰ বিৰুদ্ধে, সুস্থ কলা-সংস্কৃতিৰ পক্ষে ৰুচি নির্মাণ, ৰাজনৈতিক-অর্থনীতি আৰু সামাজিক বিষয়ত স্পষ্ট জনমত গঠন তথা সংগ্রামী জনগণৰ সংগ্ৰামৰ সঁজুলি হিচাবে ব্যৱহাৰৰ উদ্দেশ্য আগত ৰাখি অগ্রসৰ হোৱা আলোচনী ‘নতুন পদাতিকে’ ইয়াৰ জনগণৰ প্রতি উৎসর্গিত যাত্ৰাৰ ২৫ বছৰ পূৰ কৰাৰ বাবে আগবাঢ়িছে।
এই পূৰ্তিৰ প্ৰাকক্ষণত অসমবাসীৰ হাতত ‘নতুন পদাতিক’ৰ ‘ই-সংস্কৰণ’ তুলি দিয়া হৈছে।
আলোচনীখনৰ ৱেবচাইটো হল: www.natunpadatik.in।
গণতন্ত্রপ্রেমী প্রগতিশীল সংগ্রামী জনগণে আমাৰ এই প্রচেষ্টাক আগৰ দৰেই আঁকোৱালি ল’ব বুলি আলোচনী খনৰ সৈতে জৰিত ব্যক্তিসকলে আশাপ্ৰকাশ কৰিছে।
এতিয়াৰ পৰা আলোচনীখনৰ ই-সংস্কৰণৰ বিভিন্ন শিতানত ধাৰাবাহিকভাবে লেখা প্রকাশ পাই থাকিব। এই ক্ষেত্ৰত ‘মাহেকীয়া’ বা নির্দিষ্ট সময় বুলি কোনো কথা নাথাকিব। অৱশ্যে আগৰ দৰে বছেৰেকত কমেও সীমিত সংখ্যক, তিনিটা সংখ্যা ছপা সংস্কৰণ প্রকাশ পাব।
সচেতন পাঠক/লেখকৰ পৰা বিভিন্ন শিতানৰ বাবে আমাৰ সমাজ জীৱনৰ বিভিন্ন বিষয়ক গুৰুত্বপূৰ্ণ ‘লেখা’ পঠোৱাৰ বাবেও আবেদন জনোৱা হৈছে। ইয়াৰ উপৰিও ‘নতুন পদাতিক’ৰ ৱেবচাইট সম্পৰ্কত মতামত তথা গঠনমূলক দিহা-পৰামৰ্শ আৰু সক্রিয় সহযোগিতা আশা কৰিছে আলোচনী খনৰ সৈতে জৰিত ব্যক্তিসকলে ।
নতুন পদাতিকৰ ‘ই-সংস্কৰণ পাবৰ বাবে তথা আলোচনীখনৰ বিভিন্ন নতুন আপডেটসমূহ সময় মতে পাবৰ বাবে বা লেখা, মতামত আদি পঠাবৰ বাবে আগ্রহী পাঠকে/ লেখকে “নতুন পদাতিক”ৰ ইমেইল – [email protected], মেইল কৰিব পাৰিব।
নতুবা whatsapp no 9435059953, 98640 26391, 93652 31805 ত মেচেজ কৰিলে, তাৎক্ষণিকভাবে ৱেব লিংক পঠোৱাৰ ব্যৱস্থা কৰা হ’ব তথা লেখা/মতামত আদি সংগ্রহ কৰিব পাৰিব বুলি ‘নতুন পদাতিকৰ কাৰ্যবাহী সম্পাদক শৈলেন বৰকটকীয়ে প্ৰকাশ কৰিছে।