বিজেপিক কটাক্ষ নবীন পাটনায়কৰ, ‘ছিংগল বা ডবল ইঞ্জিন নহয়, সুশাসন গুৰুত্বপূৰ্ণ!‘

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিৰোধী দলসমূহে বিজেপিৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও নাম নোলোৱাকৈ কেন্দ্ৰত শাসকীয় দলটোক কটাক্ষ কৰে।

বিজেডিৰ মুৰব্বীগৰাকীৰ ভাষাত, “ছিংগল ইঞ্জিন নে ডাবল ইঞ্জিন, সেয়া ডাঙৰ কথা নহয়। জনতাৰ দৃষ্টিকোণৰ পৰা চালে সুশাসনেই চৰকাৰ চলোৱাৰ চাবিকাঠি।” এই প্ৰসংগত তেওঁ লগতে কয় যে, “যি চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত কাম কৰে আৰু সুশাসনৰ প্ৰতি চকু ৰাখে, সেইখন চৰকাৰে সদায় জয়ী হ’ব।”

পাটনায়কে আপাত দৃষ্টিত বিজেপি বা আন কোনো দলৰ নাম উল্লেখ নকৰিলেও কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰেক্ষাপটত তেওঁৰ এই মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। কাৰণ, বিভিন্ন ৰাজ্যৰ বিজেপি নেতাই ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ কথা কৈছে। এই কথা ব্যাখ্যা কৰি বিজেপিয়ে কয় যে কেন্দ্ৰত আৰু ৰাজ্যত একেটা দলৰ চৰকাৰ থাকিলে উন্নয়নৰ গতি বৃদ্ধি পাব।

কৰ্ণাটকতো বিজেপি নেতাসকলে ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ কথা কোৱা শুনা গৈছিল। বিৰোধী দলসমূহে অৱশ্যে অভিযোগ যে বিজেপিয়ে নিজৰ কথাৰেই প্ৰমান কৰি দিছে যে বিৰোধী শাসিত ৰাজ্যৰ উন্নয়নত তেওঁলোকে সুযোগ নিদিয়ে ৷

ৰাষ্ট্ৰীয় ৰাজনীতিত নবীন পাটনায়কক সততে বিজেপিৰ বিৰোধিতা কৰা দেখা নাযায়। কিন্তু ২০০৯ চনত বিজেডিয়ে বিজেপিৰ মিত্ৰজোঁট ত্যাগ কৰে। তেতিয়াৰ পৰাই ওড়িশাৰ শাসকীয় দলে কংগ্ৰেছ আৰু বিজেপি উভয়ৰে পৰা সম দূৰত্বৰ নীতিৰে চলি আহিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল নবীন পাটনায়কে। শনিবাৰে ঝাৰছুগুডা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিজয়ী হয় বিজেডি প্ৰাৰ্থী।