অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰক একাধিকবাৰ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! এগৰাকী ছাত্ৰৰ পিতৃ-মাতৃৰ চাঞ্চল্যকৰ অভিযোগৰ পাছতে নতুন মুম্বাইৰ এখন বিদ্যালয়ৰ এগৰাকী মহিলা শিক্ষকক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে এক জোকাৰণিৰ সৃষ্টি হয়। ৩৫ বছৰীয়া শিক্ষয়িত্ৰীৰ বিৰুদ্ধে POCSO ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীৰ সূত্ৰৰ মতে, আৰম্ভণিতে শিক্ষয়িত্ৰীয়ে ছচিয়েল মিডিয়াত বিভিন্ন অশ্লীল ছবি প্ৰেৰণ কৰিছিল! তাৰ পাছত ফোন কল কৰা আৰম্ভ কৰে। শেহতীয়াকৈ তেওঁ কেইবাবাৰো অৰ্ধনগ্ন হৈ নাবালক ছাত্ৰ-ছাত্ৰীক ভিডিঅ’ কল কৰি আহিছিল। ইয়াৰ পাছতে ছাত্ৰজনে পিতৃ-মাতৃৰ ওচৰত অভিযোগ কৰে। পিতৃ-মাতৃ আৰক্ষীৰ ওচৰলৈ গ’ল। ইয়াৰ পাছতে সেইগৰাকী স্কুল শিক্ষকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
প্ৰাথমিক প্ৰমাণ সংগ্ৰহৰ পাছতে শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে বিদ্যালয়খনৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক সোধা-পোছা অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বে শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল নেকি তদন্ত চলি আছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ ফোনটো জব্দ কৰিছে। শিক্ষকগৰাকীৰ ছ’চিয়েল মিডিয়া একাউণ্টত অশ্লীল ছবি প্ৰেৰণৰ প্ৰমাণ পোৱাৰ বাবে তদন্ত অব্যাহত আছে।