জীৱনৰ প্ৰতি মোহ আছে যদি নিৰ্বাচনৰ পৰা আঁতৰি থাকক : বিজেপি প্ৰাৰ্থীক ভাবুকি দি পোষ্টাৰ লগালে নক্সালবাদীয়ে

১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ প্ৰায়বোৰ ৰাজ্যতে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ছত্তীশগড়তো কেইবাটাও সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। 

কিন্তু ভোট গ্ৰহণৰ পূৰ্বেই ছত্তীশগড়ৰ বিজেপি নেতাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে নক্সালবাদী গোটে।  ৰাজ্যখনৰ বাস্তাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ  পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে নক্সালবাদীয়ে। নিৰ্বাচনত অংশ গ্ৰহণ কৰিলে পূৰ্বৰ নেতাৰ দৰে হত্যা কৰা হ’ব বুলি ভাবুকি দি বিভিন্ন ঠাইত বেনাৰ পোষ্টাৰ লগাইছে নক্সালবাদী গোটে।

ছত্তীশগড়ৰ দন্তেৱাড়াতো নক্সালবাদীয়ে এনে বেনাৰ আৰু পোষ্টাৰ লগাইছে। বেনাৰত তেওঁলোকে লিখিছে যে বিজেপিৰ নেতা-কৰ্মীসকলে নিৰ্বাচনৰ পৰা আঁতৰি থাকিব লাগে। যদি তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰে তেন্তে তিৰুপতী কটলাক মৃত্যুদণ্ড দিয়াৰ দৰেই ভাগ্য তেওঁলোকৰো হ’ব।

উল্লেখ্য যে নক্সালবাদীয়ে নেতাক ভয় খুৱাবলৈ কৰা কাম এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বিভিন্ন নিৰ্বাচনৰ সময়ত এনে ভাবুকি প্ৰদানৰ লগত কুটাঘাত সংঘটিত কৰিছে নক্সালবাদীয়ে। 

এইবাৰো নক্সালবাদীয়ে বিভিন্ন পথত শিল আৰু বেনাৰ পোষ্টাৰ লগাই পথ সমূহ অৱৰোধ কৰিছে। লগতে কেইবাটাও পথ ধ্বংস কৰিছে। 

পহুৰনাৰ চ’কৰ সন্মুখত থকা ছীন্দনাৰ কেম্পৰ পৰা চুটে কাৰ্কা, চেৰপাল, তুমৰিগুণ্ডালৈ যোৱা পথ অৱৰোধ কৰিছে নক্সালবাদীয়ে। ইয়াৰ সমান্তৰালকৈ বেনাৰ-পোষ্টাৰ লগাই বিজেপিৰ সদস্যসকলকো নিৰ্বাচনৰ পৰা আঁতৰি থাকিবলৈ ভাবুকি দিয়া হৈছে। 

এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত বৰছুৰ আৰক্ষী থানা আৰু চিন্দনাৰ চি আৰ পি এফৰ জোৱানসকলে সেই স্থানত উপস্থিত হৈ অৱৰোধ কৰা পথটো মুকলি কৰি পুনৰ নিৰ্মাণ কৰে। জোৱান সকলে অঞ্চলটোত তালাচী চলাই আছে।