অসমত নতুন ভেটি স্থাপনৰ প্ৰচেষ্টা চলাইছে নক্সালবাদীয়ে!

Maoists-750x375

প্ৰতিনিধিত্বমূলক ফটো। উৎস : ডেক্কান ক্ৰনিকল

অসমত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি থকাৰ মাজতে নক্সালবাদীয়ে পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৰাজ্যখনত নতুন ভেটি স্থাপনৰ প্ৰচেষ্টা চলাই আছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অসমত থাকি কাম কৰি থকা বিদ্ৰোহী আলফা (স্বাঃ)উগ্ৰপন্থী আৰু মুছলমান সংগঠনৰ মাজত ভেটি স্থাপনৰ বাবে শীৰ্ষ নক্সালবাদী নেতাই প্ৰচেষ্টা চলাই আছে।

বাতৰি অনুসৰি, নক্সালসকলে শাসকীয় চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ থকা গোড়া মুছলমান সংগঠনলৈ সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকৰ আন্দোলনক সাৰ পানী যোগাইছে।

‘জী নিউজ’ৰ এক বাতৰিত কোৱা হৈছে যে নক্সালসকলে তেওঁলোকৰ কৌশল সলনি কৰি আলফা (স্বাঃ)ৰ সৈতে সম্পৰ্ক স্থাপন কৰি এটা নতুন ‘ৰেড কৰিডৰ’ গঢ়াৰ প্ৰচেষ্টা চলাইছে যাতে তেওঁলোকে তেওঁলোকৰ কেডাৰসকলৰ বাবে নিয়মীয়া অস্ত্ৰ-শস্ত্ৰৰ যোগান লাভ কৰিব পাৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে : ‘’ অসমত মাওবাদীৰ উপস্থিতিৰ বিষয়ে প্ৰতিবেদন আছে। আমি অসমত সদস্যৰ সংখ্যা, তেওঁলোকৰ কাৰ্যকলাপৰ এলেকা, নেতৃত্ব তথা অৱস্থিতিকে ধৰি মাওবাদীৰ বৰ্তমান কি স্থিতি সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰি আছো।‘’

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰিছিল আৰু এইটোৱে অসমৰ কেইবাটাও অংশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আনকি ইয়াৰ বিৰুদ্ধে কেইবাটাও সংগঠনে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

বাতৰিত কোৱা হৈছে যে বিদ্ৰোহী সংগঠনটোৰ জ্যেষ্ঠ নেতাসকলৰ বয়স বৃদ্ধি পোৱাৰ ফলত মাওবাদীসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে আৰু ইয়াৰ কামকাজত প্ৰভাৱ পেলাইছে।

তদুপৰি, বিদ্ৰোহী সংগঠনটোৰ বহু জ্যেষ্ঠ নেতাৰ মৃত্যু তথা আত্মসমৰ্পনে ইতিমধ্যে ইয়াক ভীষণ ক্ষতি কৰিছে।

বাতৰিটোত লগতে বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে : ‘’ মাওবাদী সংগঠনটোৰ মধ্যম স্তৰৰ নেতৃত্বত সংকটৰ সৃষ্টি হৈছে। সুৰক্ষা বাহিনীয়ে বিদ্ৰোহী সংগঠনটোৰ মূখ্য অঞ্চলসমূহত অভিযান বৃদ্ধি কৰাৰ ফলত তেওঁলোকৰ যোগানৰ ৰাস্তা স্থবিৰ হৈ পৰিছে। সেইকাৰণে নক্সালবাদীৰ শীৰ্ষ নেতৃত্বি এটা নতুন যোগান পথ গঢ়াৰ বাবে তৎপৰ হৈ পৰিছে।‘’