তেজপুৰত বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে এন চি চিৰ শোভাযাত্ৰা

Students of NCC cadre taking out rally on the occasion of world earth Day organized by 5 Assam Bn NCC Tezpur at Tezpur on 22-04-19.pix by UB PHOTOS

তেজপুৰত এন চি চিৰ বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে শোভাযাত্ৰা

বিশ্ব ধৰণী দিৱস উপলক্ষে আজি তেজপুৰ চহৰত পঞ্চম অসম বি এন, এন চি চিৰ তেজপুৰ গোটে এটা শোভাযাত্ৰা উলিয়াই। মূলত বিশ্ব ধৰিত্ৰী দিৱসৰ দিনা মানুহৰ মাজত পৰিবেশ সম্বন্ধীয় সজাগতা সৃষ্টিৰ বাবেই শোভাযাত্ৰাটো উলিওৱা হয়।

এন চি চিৰ সদস্য সকলে হাতে হাতে পানী সংৰক্ষণ কৰক জীৱন বচাওক, গছ কটা বন্ধ কৰক আদি প্লে কাৰ্ড লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাত অংশগ্ৰহণ কৰা এন চি চিৰ এজন কেডাৰে কয় যে আমাৰ মানুহ বোৰ নিজকলৈ অথবা নিজৰ ঘৰ, পৰিয়ালক লৈ অতি সজাগ কিন্তু কোনেও পৰিবেশক লৈ সজাগ নহয়। যদিহে পৰিবেশক লৈ আমি এতিয়াৰে পৰা সজাগ নহও আমাৰ ভবিষ্যত প্ৰজন্ম জীয়াই থকাৰ পৰিবেশ পৃথিৱীৰ পৰা নোহোৱা হৈ যাৱ।

উল্লেখযোগ্য যে, প্ৰতিবছৰ ২২ এপ্ৰিলৰ দিনটো গোটেই বিশ্বত ‘বিশ্ব ধৰণী দিৱস’ হিচাপে পালন কৰা হয়। পৰিবেশ সুৰক্ষা প্ৰতি সজাগতা সৃষ্টিৰ বাবে পোন প্ৰথমবাৰৰ বাবে ১৯৭০ চনত বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছিল। বৰ্তমান ১৯৩ খনতকৈও অধিক দেশে সমগ্ৰ বিশ্বজুৰি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰে।