NORTHEAST NOW (Assamese)

এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী

July 27, 2025 8:13 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ বীজ সিঁচাৰ ক্ষেত্ৰত এনচিআৰটি এক বৃহৎ পদক্ষেপ। ভাৰতৰ অপাৰেচন সিন্দুৰৰ সফলতা আৰু সেনাবাহিনীৰ বীৰত্বপূৰ্ণ কাহিনী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উপস্থাপন কৰাৰ সিদ্ধান্ত সংস্থাটোৰ। জানিব পৰা মতে এনচিইআৰটিয়ে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠদানৰ উদ্যোগ লৈছে।

এনচিইআৰটিয়ে জনাইছে যে, ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ অংশ হিচাপে এই বিশেষ মডিউলটো সংযোজন কৰা হব। যত অপাৰেচন সিন্দুৰৰ পটভূমি, উদ্দেশ্য, কৌশল, আৰু প্ৰভাৱৰ লগতে সেনাবাহিনীৰ সাহসিকতাক সহজ ভাষাত উজ্জ্বল কৰি তোলা হব। কেৱল সেয়াই নহয়, দেশৰ সামৰিক শক্তি, সামৰিক সফলতা, পাকিস্তানৰ বিৰুদ্ধে সেনাৰ সফলতাৰ বিষয়েও সবিশেষ তথ্য প্ৰকাশ পাব। সকলো প্ৰাসংগিক তথ্য ৮-১০ পৃষ্ঠাত সন্নিবিষ্ট কৰা হৈছে। জানিব পৰা মতে, অপাৰেচন সিন্দুৰৰ এই বিশেষ পাঠ দুটা ভাগত হব। প্ৰথমটো মডিউল তিনিৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু দ্বিতীয়টো মডিউল নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হব। এই পদক্ষেপে দেশৰ পৰৱৰ্তী প্ৰজন্মক সামৰিক বাহিনীত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে।

কেৱল সেয়াই নহয়, এনচিইআৰটিয়ে জনোৱা মতে শিক্ষকসকলক অপাৰেচন সিন্দুৰ পাঠদানৰ বাবেও বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হব। যাতে তেওঁলোকে ছাত্ৰ-ছাত্ৰীক সঠিক তথ্য প্ৰদান কৰি বিষয়টোৰ ওপৰত আলোচনা কৰিব পাৰে। ইয়াৰ সৈতে জড়িত ভিডিঅ’, কুইজ, আৰু ইন্টাৰেক্টিভ কন্টেন্ট DIKSHA ৰ দৰে ডিজিটেল প্লেটফৰ্মত উপলব্ধ হ’ব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্প আৰু উপস্থাপনৰ জৰিয়তে অপাৰেচন চিণ্ডুৰৰ কৌশল বিশ্লেষণ কৰাৰ সুযোগ পাব, যিয়ে তেওঁলোকৰ সমালোচনাত্মক চিন্তাধাৰাক উৎসাহিত কৰিব।

Related News