এনচিইআৰটিৰ পাঠ্যপুথিক লৈ পুনৰ বিতৰ্ক সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিত ভাৰত বিভাজন আৰু পাকিস্তান সৃষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ, মহম্মদ আলী জিন্না আৰু লৰ্ড মাউণ্টবেটেনক দোষাৰোপ কৰি এক নতুন পৃষ্ঠা সংযোজন কৰা হৈছে। নেচনেল কাউন্সিল ফৰ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ৰ নতুন পাঠ্যক্ৰমত উল্লেখ কৰা হৈছে যে দেশ বিভাজন কেৱল এজন ব্যক্তিৰ কাম নহয়, বৰঞ্চ তিনিটা শক্তিৰ সংযুক্ত প্ৰচেষ্টাৰ কংগ্ৰেছৰ সিদ্ধান্ত গ্ৰহণ, জিন্নাৰ প্ৰচাৰ আৰু মাউণ্টবেটেনৰ কাৰ্যকৰী ভূমিকাৰ ফলত ঘটিছে। একাংশ সংবাদ মাধ্যমত এই খবৰ সম্প্ৰচাৰ হোৱাৰ পিছতে বিতৰ্ক আৰম্ভ হৈছে।
এনচিইআৰটিয়ে VI-VIII আৰু IX-XII শ্ৰেণীৰ বাবে পৃথক সংস্কৰণ প্ৰস্তুত কৰিছে, য’ত বিভাজনৰ ওপৰত বিতৰ্কিত অধ্যায়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটি (এআইচিচি)ৰ মুখপাত্ৰ পৱন খেৰাই শনিবাৰে কয় যে এই পৰিৱৰ্তন সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু নতুন সংস্কৰণটো জ্বলাই দিয়াৰ আহ্বান জনায়। প্ৰসংগক্ৰমে, নৰেন্দ্ৰ মোদী চৰকাৰৰ কালত পূৰ্বতে এনচিইআৰটিৰ পাঠ্যপুথিৰ পৰা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ আৰএছএছ-সংলগ্নতাৰ তথ্য বাদ দিয়া হৈছিল, লগতে গুজৰাট দাঙ্গাৰ বিষয়টোও আঁতৰোৱা হৈছিল। এই পদক্ষেপসমূহক হিন্দু মৌলবাদীক সন্তুষ্ট কৰাৰ চেষ্টা বুলি অভিযোগ উত্থাপন হৈছে।
বিশেষজ্ঞসকলে কয় যে এনে পৰিৱৰ্তনে ইতিহাসক বিকৃত কৰি তুলিব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মনত ভুল ধাৰণা সৃষ্টি কৰিব। কংগ্ৰেছক পোনপটীয়াকৈ লক্ষ্য কৰি লোৱা এই নতুন সংযোজনে স্বাধীনতা যুঁজত নেতৃত্ব দিয়া দলটোৰ ভূমিকাক অস্বীকাৰ কৰাৰ দৰে দেখা গৈছে। এনচিইআৰটিয়ে এতিয়ালৈকে এই অভিযোগসমূহৰ ওপৰত কোনো মন্তব্য দিয়া নাই, যদিও বিতৰ্কই ৰাজনৈতিক মহলত তীব্ৰতৰ হৈ উঠিছে।