NORTHEAST NOW (Assamese)

খেৰীৰ হত্যাকাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান কপিল ছিবালৰ

October 8, 2021 1:03 pm · নৰ্থ ইষ্ট নাও
Updated: October 8, 2021 1:20 pm

জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হত্যাকাণ্ড সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

টুইটাৰ যোগে ছিবালে কয়, “মোডীজী, আপুনি কিয় নীৰৱ? আমাক আপোনাৰ পৰা মাত্ৰ এটা সহানুভূতিৰ শব্দৰ প্ৰয়োজন। এইটো কোনো অসম্ভৱ কথা নহয়। যদি আপুনি এই ঘটনাৰ বিৰোধিতা কৰে তেন্তে আপুনি কেনে প্ৰতিক্ৰিয়া দেখুওৱাব ? অনুগ্ৰহ কৰি আমাক কওঁক।”

 

দেওবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ কেন্দ্ৰ আৰু যোগী আদিত্যনাথ চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰখা কংগ্ৰেছে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগ দাবী কৰি আহিছে।

কৃষকসকলৰ হত্যাৰ অভিযোগত অভিযুক্ত মন্ত্ৰীজনৰ পুত্ৰ আশীষ মিশ্ৰক এই সম্পৰ্কত সোধ-পোচৰ বাবে থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে বুলি বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনায়।

ইতিমধ্যে ঘটনাস্থলীত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰই এই হিংসাত্মক ঘটনা সংঘটিত হওঁতে তেওঁ আৰু তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ ঘটনাস্থলীত উপস্থিত নাছিল বুলি মন্তব্য কৰিছে। অৱশ্যে কৃষকক মহতীয়াই নিয়া বাহনখন তেওঁৰ কনভয়ৰ আছিল বুলি স্বীকাৰ কৰিছে মিশ্ৰই।

ইপিনে বুধবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে লখিমপুৰ খেৰী ভ্ৰমণ কৰে আৰু হিংসাত মৃত্যু হোৱা কৃষক সকলৰ পৰিয়ালক লগ কৰে।

প্ৰিয়ংকা গান্ধীয়ে হত্যাকাণ্ড সম্পৰ্কত মৌনতা অৱলম্বন কৰা কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়, “যদি গৃহ ৰাজ্যমন্ত্ৰীয়ে পদত্যাগ নকৰে বা তেওঁক বৰ্খাস্ত কৰা নহয়, তেন্তে ইয়াৰ অৰ্থ হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জনসাধাৰণক এটা বাৰ্তা দিছে যে যদি কোনোবা শাসনত থাকে বা যদি তেওঁ মন্ত্ৰী হয়, তেন্তে তেওঁ যিকোনো কাম কৰিব পাৰে।”

লখিমপুৰ খেৰীত সংঘটিত ঘটনা সন্দৰ্ভত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই ঘটনাত জড়িত কিমান জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰে আৰু উত্তৰ প্ৰদেশ চৰকাৰক বৃহস্পতিবাৰৰ ভিতৰত স্থিতি স্পষ্ট কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

Related News