ঋষিক বিয়া কৰাইও ভাল পাইছিল শশী কাপুৰক! নীতু সিঙৰ গোপন কথা ফাদিল

কৰণ জোহৰৰ টক শ্ব’টো যেন ৰহস্য ভঙাৰ মঞ্চৰ দৰে। কৰণৰ বক্ৰ প্ৰশ্ন আৰু কফীৰ চুম্বনত বলীউডৰ গোপন মহলৰ কথা পোহৰলৈ আহে। কৰণৰ এই প্ৰশ্ন ইমানেই কৌশলী যে চেলিব্ৰিটিসকলে চিন্তা নকৰাকৈয়ে সকলোবোৰ উন্মুক্ত কৰি পেলায়! ঠিক যেনেকৈ নীতু সিঙে কৰিলে।

কথাটো অলপ বেছি মুকলিকৈ কৈ লোৱা যাওক। শেহতীয়াকৈ নীতু সিং আৰু জীনত আমানে ‘কফী উইথ কৰণ’ত উপস্থিত হৈছিল। কৰণে নিজৰ ষ্টাইলত এই দুই বলীউডৰ তাৰকাৰ সৈতে আড্ডা মাৰি আছিল। ঠিক তাতেই ঋষি কাপুৰৰ পত্নী তথা অভিনেত্ৰী নীতু সিঙে কৰণৰ প্ৰশ্নক লৈ নিজৰ হৃদয়ৰ গোপন কথা ব্যক্ত কৰে।

লগতে পঢ়কঃ শিহৰণকাৰী ঘটনা! নিজৰ ৪ বছৰীয়া পুত্ৰক লগত লৈ গোৱালৈ অহা মহিলা চিইঅ’ই বেগত লৈ উভতিল…

নীতুৱে স্পষ্ট কৰি দিলে, “যদিও মই ঋষি কাপুৰৰ প্ৰেমত আছিলো, তথাপিও আৰম্ভণিৰে পৰাই শশী কাপুৰৰ প্ৰতি মোৰ এটা ভালপোৱা আছিল। বৰ পছন্দ কৰিছিলো। ইয়াৰ পিছত বিয়া হৈ মই কাপুৰ পৰিয়াললৈ আহিলোঁ। কিন্তু সেই ভালগাটো থাকি গৈছিল। শশীজী মোৰ ক্ৰাছ আছিল!”

সম্পৰ্কত শশী কাপুৰ নীতুৰ খুড়া শহুৰ। কিন্তু এটা সময়ত তেওঁলোকে বহু ছবিত যুটী বান্ধিছে। শশী-নীতুৰ ৰোমাঞ্চ এসময়ত পৰ্দাত হিট হৈছিল। অৱশ্যে কাপুৰ পৰিয়ালত বিয়া হোৱাৰ পিছত নীতুৱে স্বামী ঋষি কাপুৰৰ দৰে শশী কাপুৰক খুড়া (চাচা) বুলিয়েই সন্মান কৰিছিল। কৰণৰ শ্বোত সেই কথাও ক’লে।

লগতে পঢ়কঃ নৃশংস! প্ৰেমৰ সম্পৰ্কই হৈ পৰিল কালঃ গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দলিত যুৱকে

নীতু সিঙৰ এই কথা শুনি কৰণ হতভম্ব হৈ পৰিল। পিছত অৱশ্যে তেওঁ এই কথাও মানি লৈছিল যে শশী কাপুৰ এসময়ত বলীউডৰ এক নম্বৰ সুদৰ্শন নায়ক আছিল। কিন্তু কেৱল নীতু সিংয়ে নহয়, জীনত আমানেও কৰণৰ সন্মুখত শশী কাপুৰৰ প্ৰতি থকা নিজৰ দুৰ্বলতাৰ কথা স্বীকাৰ কৰে।