• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেহা শৰ্মা নে যমুনা থাপা? ইজৰায়েলত দেহৰ সকলো অংগ উলিয়াই নিছে মৃত যুৱতীৰ

ছাজিদ খান, এন ই নাও নিউজ by ছাজিদ খান, এন ই নাও নিউজ
December 1, 2018 7:18 pm
assam nepal neha jamuna sharma thapa dies in israel copy

অসমৰ নেহা শৰ্মা সোঁফালে নেপালৰ যমুনা থাপা। ছবি- নৰ্থ ইষ্ট নাও আৰু a1nepal.np

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰায়েলত মৃত্যু হোৱা, অসমৰ মেৰাবাৰীৰ ঠিকনাৰে ভাৰতীয় পাৰপত্ৰবাহী যুৱতীগৰাকী আচলতে নেহা শৰ্মা নে যমুনা থাপা? ঘৰ তেওঁৰ অসম নে নেপাল? দেশখনত “সহায়িকা”ৰূপে কৰ্মৰত যুৱতীগৰাকীৰ মৃত্যুৱে সৃষ্টি কৰিছে ব্যাপক ৰহস্যৰ।

ওদালগুৰি জিলাৰ মেৰাবিলত নেহা শৰ্মাৰ পৰিয়ালৰ কোনো অস্তিত্ব নথকাৰ বিপৰীতে তেওঁৰ দেউতাক এতিয়াও জীৱিত আছে নেপালত। নাম পুষ্কৰ ৰাজ– “শৰ্মা” নহয়, “থাপা”! কিন্তু এই কথাটো আছে সন্দেহৰ অৱকাশ।

ইজৰায়েলৰ ঔদ্যোগিক চহৰ আশ্বদদত থকা যুৱতীগৰাকীৰ দেহৰ “সকলো” অংগ ইতিমধ্যে উলিয়াই নিছে চিকিৎসালয়ে। ইয়াৰ অনুমতি প্ৰদান কৰিছে পিতৃয়ে (“পিতৃৰ” আপত্তিহীনতাৰ প্ৰমাণ পত্ৰত আকৌ সন্দেহ প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ মহা পৰিদৰ্শক ৰবিন হিবুৱে। বাতৰিটো শেষলৈকে পঢ়ক)।

নেপালৰ বিৰাট নগৰৰ বাসিন্দা নেহা ওৰফে যমুনা (শেহতীয়া খবৰ মতে আচল নাম যমুনা থাপা)ৰ মৃত্যুৰ লগে লগে পিতৃ পুষ্কৰ থাপাৰ পত্ৰখনৰ আবিৰ্ভাৱেও সৃষ্টি কৰিছে ৰহস্যৰ। চহৰখনৰ আচুতা আশ্বদদ মেদিকেল চেন্টাৰ নামৰ চিকিৎসালয়খনক যুৱতীগৰাকীৰ বন্ধু মদন কুমাৰ শিৱকটিৰ যোগেদি এই কৰ্তৃত্ব প্ৰদান কৰিছে পিতৃ থাপাই। এই খবৰ নেপালৰ নিউজ প’ৰ্টেল a1nepal.comৰ।

দিল্লী আৰক্ষীৰ মহা পৰিদৰ্শক ৰবিন হিবুৰ তথ্যৰ ভিত্তিত নৰ্থ ইষ্ট নাও-এ প্ৰথম পৰিৱেশন কৰা বাতৰিটোৰ পিছতে চৰজমিন তদন্ত চলাই মেৰাবিলত নেহা শৰ্মাৰ পৰিয়াল নথকাটো নিশ্চিত কৰিছে ওদালগুৰি আৰক্ষীয়েও।

‘‘নেহা শৰ্মা নামৰ কোনো যুৱতী মেৰাবিলত নাছিল আৰু তেওঁৰ পৰিয়ালৰ কোনো লোকৰ সন্ধান ইয়াত পোৱা হোৱা নাই,” নৰ্থ ইষ্ট নাও-ক জনালে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে।

লগতে পঢ়ক– ইজৰায়েলত মৃত্যু অসমৰ যুৱতীৰ, অভিভাৱকৰ সন্ধান বিচাৰিছে দিল্লী আৰক্ষীয়ে

মাজবাট আৰক্ষীয়ে মেৰাবিলৰ স্থানীয় গাওঁবুঢ়াক লগত লৈয়ো যুৱতীগৰাকীৰ পৰিয়ালৰ সন্ধান কৰিছিল। ইতিমধ্যে সোধপোচ কৰিছে স্থানীয় মাজবাট স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীকো। কাৰণ এই স্বাস্থ্যকেন্দ্ৰৰ জন্ম প্ৰমাণ পত্ৰৰেই ভাৰতীয় পাৰপত্ৰ উলিয়াইছিল নেহাই।

১৯৮০ চনৰ ১৬ জুলাইত মেৰাবিলত নেহাৰ জন্ম হোৱা বুলি প্ৰমাণ পত্ৰ (নং ১৭৫১/১৩) দিছিল স্বাস্থ্য কেন্দ্ৰটোৱে।

neha assam nepali girl dies in israel
’নেহাৰ দেউতাকে’ দিয়া অংগদানত আপত্তিহীনতাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি।

আনহাতে সহায়িকাৰ কামৰ “আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ”ৰ অনুমতি উলিয়াবলৈ উত্তৰ প্ৰদেশৰ নইদাত এখন শপতনামা দাখিল কৰিছিল নেহাই। সূত্ৰ অনুসৰি অনুমোদিত সীমাতকৈ অতিৰিক্ত সময় বাস কৰাৰ বাবে ইজৰায়েলত কাৰাগাৰলৈয়ো যাব লগা হৈছিল যুৱতীগৰাকী।

কিন্তু মৃত্যু আৰু অংগদানৰ এই সমগ্ৰ “অধ্যায়”টোতে সন্দেহ প্ৰকাশ কৰি আৰক্ষী বিষয়া হিবুৱে বিষয়টোত হস্তক্ষেপৰ বাবে ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ লগত যোগাযোগ কৰা বুলি জনাইছে নৰ্থ ইষ্ট নাও-ক।

“শেহতীয়া খবৰ অনুসৰি তথাকথিত দেউতাকৰ আপত্তিহীনতাৰ প্ৰমাণ পত্ৰৰ আধাৰত তাইৰ সকলো অংগ চিকিৎসালয়খনত ইতিমধ্যে উলিয়াই লোৱা হৈছে। প্ৰমাণ পত্ৰখনৰ সত্যতা সন্দৰ্ভত মোৰ সন্দেহ আছে। পত্ৰখন ভুৱা যেন লাগিছে,” নৰ্থ ইষ্ট নাও-ক জনাই আৰক্ষী বিষয়াজনে।

যুৱতীগৰাকীৰ মৃত্যুৰ দিনাই অংগদানৰ অনুমতি প্ৰদানকাৰী দেউতাকৰ পত্ৰখনো হাজিৰ হোৱাটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে।

সমগ্ৰ “অধ্যায়টোত” “মানৱ সৰবৰাহ”ৰ চক্ৰ জৰিত থকাৰো সন্দেহ প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াজনে। এই সন্দৰ্ভত ইজৰায়েলত আৰক্ষীক এটা গোচৰ দিবলৈ হেল্পিং হেন্দ নামৰ বেচৰকাৰী সংস্থাটোক ব্যক্তিগতভাৱে অনুৰোধ কৰিছে হিবুৱে।

“তেল আভিভত থকা ভাৰতীয় দূতাৱাসত অভিযোগ দাখিল কৰিবলৈয়ো (বেচৰকাৰী সংস্থাটোৰ) স্বেচ্ছাসেৱকসকলক মই অনুৰোধ কৰিছো,” জনালে হিবুৱে।

এটা কথা নিশ্চিত হৈছে নেহাৰ মৃত্যুৰ তদন্তই উন্মোচিত কৰিব পাৰে নীৰৱ ঘাতকৰ ভয়ংকৰ কাহিনী।

দ্বিতীয়তে, অসমবাসীৰ এন আৰ চি-কেন্দ্ৰিক উদ্বিগ্নতাৰ মাজতে ভুৱা ঠিকনাৰে ভাৰতীয় পাৰপত্ৰপৰ্য্যন্ত উলিয়াই বিদেশত কৰ্মৰত হৈ থকাতো?

ছাজিদ খান, এন ই নাও নিউজ

ছাজিদ খান, এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd