মৰিগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত মায়ঙত সজাগতা সভা

ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ মন্ত্ৰনালয়ৰ অধীনস্থ মৰিগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত  এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

মায়ং খণ্ড উন্নয়ন কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত সাম্প্ৰতিক সময়ত গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলত সঘনাই সংঘটিত হৈ থকা ডাইনী হত্যা, নাৰী অপহৰণ,হত্যা,ধৰ্ষণ আদি অন্ধবিশ্বাস তথা কু-সংস্কাৰ সমূহৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ মাজত সেই সমূহৰ বিষয়ে ৰাইজক সজাগ সচেতন কৰা আদি বিষয় সমূহক লৈ বিস্তৃতভাৱে আলোকপাত কৰা হয় ।

তাৰ উপৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ ভিতৰত বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা,অনাময় আঁচনি আৰু সবৰ্সাধাৰণ ৰাইজে কিদৰে উক্ত আঁচনিৰ সুবিধা লাভ কৰিব পাৰি, লগতে কভিড-১৯ৰ প্ৰতি কিদৰে সজাগ, সচেতনতাৰ সৃষ্টিৰ কৰিব পাৰি সেই বিষয়ত পুংখানুপুংখভাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰা হয় ।

যুৱক-যুৱতীসকলে যাতে উপৰি উক্ত বিষয়সমূহৰ প্ৰতি এক জাগৰণ সৃষ্টি কৰি আঁচনিসমূহৰ লগতে সমাজত সংঘটিত সকলো ধৰণৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হয় সেই বিষয়ত  আলোচনা কৰা হয় ।

অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰ , মায়ং ব্ল’কৰ সহকাৰী অভিযন্ত্ৰা হিতেশ ডেকা,সদৌ অসম কৃষক সংঘৰ উপ সভাপতি তুলসী ডেকা,স্বাস্থ্যকৰ্মী তপন দে,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কেমিষ্ট মোবাৰক আলি,জনস্বাস্থ্য বিষয়া বেদান্ত বেজবৰুৱাৰ লগতে বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকল উপস্থিত থাকে ।