বিটিচিত ভাৰতীয় নাগৰিকক উচ্ছেদ বন্ধ কৰা, সংখ্যালঘু উন্নয়ন বৰ্ড গঠন কৰা, ধৰ্মীয় সংখ্যালঘু ব্যক্তিক মনোনীত সদস্য হিচাপে নিযুক্তি দিয়া আৰু প্ৰতিজন ভাৰতীয় লোকক মাটিৰ পট্ৰা দিয়াৰ ব্যৱস্থা কৰা ইত্যাদি বিভিন্ন দাবীত আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা(নেমছু)ৰ কোকৰাঝাৰ জিলা সমিতিয়ে তিনিঘন্টীয়া অৱস্থান ধৰ্ণাৰে কোকৰাঝাৰ উত্তাল কৰি তোলে।
উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ শিশু উদ্যানৰ সমীপত নেমছুই আজি পুৱা ১০ বজাৰ পৰা আহ্বান দিয়া তিনিঘন্টীয়া অৱস্থান ধৰ্ণাৰ নেতৃত্ব দিয়ে নেমছুৰ সভাপতি বদৰুল ইচলামে ৷
উক্ত ধৰ্ণাৰ জৰিয়তে দাবী সম্বলিত এক স্মাৰক পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা হয় ৷
আজিৰ ধৰ্ণাত জিলা সভাপতি আৰু সম্পাদক ক্ৰমে আলেবৰ আলি, মফিজুল ইচলাম আৰু নেমছুৰ বিটিআৰৰ ভাৰপ্ৰাপ্ত আব্দুল মান্নাহ খান উপস্থিত থাকে ৷