ত্ৰিপাক্ষিক চুক্তি বাতিল কৰিব নেপালে! : বন্ধ হ’ব ভাৰতীয় সেনাত নেপালী নাগৰিকৰ নিযুক্তি!

index.jpg2

চীনৰ সমান্তৰালভাৱে নেপালৰ লগতো ক্ৰমাৎ দ্বি-পাক্ষিক সম্পৰ্কৰ তিক্ততা বৃদ্ধি পাইছে ভাৰতৰ।

প্ৰতিৱেশী চীনে ইয়াত অনুঘটকৰ কাম কৰিছে বুলি সন্দেহ কৰিছে ভাৰতৰ কূটনৈতিক মহলে।

চীনৰ প্ৰৰোচনাতে এইবাৰ নেপালে ভাৰতীয় সেনা বাহিনীত গোৰ্খাৰ নিযুক্তি সম্পৰ্কীয় ত্ৰিপাক্ষিক চুক্তি বাতিলৰ বাবে আগবাঢ়িছে বুলি চৰ্চা হৈছে।

শুকুৰবাৰে নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ গিয়াৱালিয়ে স্পষ্টভাৱে ভাৰতীয় সেনা বাহিনীত গোৰ্খাৰ নিযুক্তি সম্পৰ্কীয় ত্ৰিপাক্ষিক চুক্তি বাতিল কৰা উচিত বুলি মন্তব্য কৰিছে।

“গোৰ্খা সৈনিক নিযুক্তি সম্পৰ্কীয় ভাৰত-নেপাল-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ প্ৰয়োজনীয়তা শেষ হৈছে। এইবাৰ সেই চুক্তি বাতিল কৰাই ভাল। নেপালৰ নাগৰিকে বিদেশী বাহিনীত যোগদান কৰোৱা উচিত নহয়।” নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপৰ স্পষ্ট মন্তব্য।

ব্ৰিটেইনৰ কথা উল্লেখ কৰিলে নেপালে ভাৰতকেই যে লক্ষ্য কৰি লৈছ সেয়া স্পষ্ট হৈ পৰিছে। কাৰণ নেপালৰ মন্ত্ৰীগৰাকীৰ মতে ভাৰত-নেপালৰ কালাপানী সীমা বিবাদ আলোচনাৰ বাবে ভাৰত আগ্ৰহী নোহাৱাত নেপাল ভাৰতৰ প্ৰতি চৰমভাৱে বিতুষ্ট হৈ আছে।

উল্লেখ্য যে, ভাৰতীয় সেনা বাহিনীৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈছে গোৰ্খা ৰেজিমেন্ট। ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা লাভৰ সময়ত ভাৰত-ব্ৰিটেইন আৰু নেপালৰ মাজত সম্পাদিত এক চুক্তি অনুসৰি চাৰিটা গোৰ্খা ৰেজিমেন্টক ব্ৰিটিছ সেনা বাহিনীৰ পৰা ভাৰতীয় সেনা বাহিনীত চামিল কৰা হৈছিল।

বৰ্তমান ভাৰতীয় সেনা বাহিনীত সাতটা গোৰ্খা ৰেজিমেন্টৰ ৪০ টা বেটেলিয়ানত ৪০ হাজাৰ গোৰ্খা সৈন্য আছে।

এই গোৰ্খা ৰেজিমেন্ট পৰ্বতাঞ্চলত যুদ্ধ কৰাত অতি দক্ষ বুলি সমগ্ৰ বিশ্বতে পৰিচিতি আছে।

ভাৰতেৰে সংঘাত বৃদ্ধিৰ ফলত এতিয়া নেপালে উক্ত ত্ৰিপাক্ষিক চুক্তি বাতিল কৰি ভাৰতৰ সেনা বাহিনীৰ গোৰ্খা ৰেজিমেন্টত নেপালৰ নাগৰিকৰ নিযুক্তি বন্ধ কৰিবলৈ আগবাঢ়িছে।

ইফালে নেপালে এই চুক্তি বাতিল কৰিলে নেপালী নাগৰিকে ব্ৰিটিছ সেনা বাহিনীটো যোগদান কৰিব নোৱাৰিব। ব্ৰিটিছ সেনা বাহিনীত বৰ্তমান ৩ হাজাৰ ৬০০ নেপালী সৈনিক আছে।