• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ICC Cricket World Cup 2023: স্বপ্নভংগ বাংলাদেশৰ! নেদাৰলেণ্ডৰ বলিং বিক্ৰমৰ আগত আত্মসমৰ্পন ছাকিব বাহিনীৰ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 29, 2023 9:46 am
2.1k
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপৰ পৰা প্ৰায় বাহিৰ হোৱাৰ পথত বাংলাদেশ। কলকাতাৰ ইডেন গাৰ্ডেনত নেদাৰলেণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰিলে বাংলাদেশে। শনিবাৰৰ মেচখনত নেদাৰলেণ্ডে ৫০ অভাৰত ২২৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। এই ৰাণ অতিক্ৰম কৰিবলৈ গৈ মুখথেকেচা খাই পৰিল ছাকিব আল হাছানৰ বাহিনী। ৪২.২ অভাৰত মাত্ৰ ১৪২ ৰান সংগ্ৰহ কৰিয়েই  হাত দাঙিলে বাংলাদেশে।

নেদাৰলেণ্ডৰ সৈতে হোৱা খেলখনত বহুতে বাংলাদেশক ফেভাৰিট বুলি গণ্য কৰিছিল। কিন্তু নেদাৰলেণ্ডৰ ২২৯ ৰান অনুসৰণ কৰাৰ সময়ত বাংলাদেশৰ বেটিং লাইনআপ তাচৰ পাতৰ দৰে খহি পৰিল। মূলতঃ বেটিং বিপৰ্যয়ৰ বাবে ছত্ৰভংগ দিবলগীয়া হ’ল লিটন দাস আৰু সংগীসকল।

যদি বাংলাদেশে এই মেচখন জিকিব পাৰিলেহেঁতেন তেন্তে বিশ্বকাপৰ শেষ চাৰিখনলৈ যোৱাৰ আশা সজীৱ হৈ থাকিলহেঁতেন। কিন্তু বাংলাদেশী বেটছমেনসকল ডাচ বলাৰৰ সন্মুখত যিদৰে বিধ্বস্ত হৈ পৰিল, বাংলাদেশৰ বাবে শেষ চাৰিটা স্থানলৈ যোৱাৰ পথ মুকলি নহ’ল।

বাংলাদেশৰ বেটিং লাইনআপত শেষত মেহদী হাছানৰ ৩৫ আৰু মুস্তাফিজুৰৰ ২০ ৰানৰ বাহিৰে বাংলাদেশৰ বেটছমেনসকলে নেদাৰলেণ্ডৰ সন্মুখত কোনো ধৰণৰ প্ৰতিৰোধ আগবঢ়াব নোৱাৰিলে। এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে তামিম ইকবালৰ দৰে খেলুৱৈক কিয় বিশ্বকাপৰ পৰা আঁতৰাই ৰখা হ’ল।

বেটিং কৰিবলৈ গৈ নেদাৰলেণ্ডে প্ৰায় উত্থান-পতনৰ মাজেৰে পঞ্চাশ অভাৰ অতিক্ৰম কৰে। এটা সময়ত ৪ ৰানতে ২ টা উইকেট পৰিছিল। সেইদৰে ৪ টা উইকেট হেৰুৱাইছিল ৬৮ ৰানত। অৱশেষত তেওঁলোকে ২২৯ ৰানত ইনিংছ সামৰে।

মোস্তাফিজুৰ ৰহমানৰ বলটো দুবাৰকৈ কেচ তুলি দিছিল ডাচ অধিনায়ক স্কট এডৱাৰ্ডে। তেওঁৰ ইনিংছ শূন্য ৰাণতে শেষ হোৱাৰ কথা। কিন্তু এবাৰ লিটন দাসে তেওঁক জীৱন দান দিয়ে। তাৰ এটা বলৰ পাছত মুছফিকে তেওঁক পুনৰ ৰক্ষা কৰে। এডৱাৰ্ডে অৰ্ধ শতক অৰ্জন কৰে। অৱশেষত মুস্তাফিজে তেওঁক ৬৮ ৰানত স্তব্ধ কৰে। এডৱাৰ্ডছ আৰু এংগেলব্ৰেক্টাৰে মিলি ৭৮ ৰান সংগ্ৰহ কৰে।

ইপিনে, বাংলাদেশৰ ইনিংছত লিটন আৰু তাঞ্জিদে সতৰ্কতাৰে আৰম্ভণি কৰে যদিও লিটনে ১২টা বলত মাত্ৰ ৩ ৰান কৰি উভতি যায়। তাঞ্জিদে স্কট এডৱাৰ্ডছক কেচ দি ঘূৰি আহে। মাত্ৰ ১৯ ৰানত দুয়োটা অ’পেনাৰক হেৰুৱায় বাংলাদেশে। মেহদি হাছান আৰু মুস্তাফিজুৰে কিছু প্ৰতিৰোধ কৰিছিল যদিও শেষত বাংলাদেশৰ সকলো প্ৰতিৰোধৰ অন্ত পৰে ১৪২ ৰানত।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd