‘হাগ্ৰামাই আস্থা ভোট বিচাৰি পুনৰ ন্যায়ালয়ৰ কাষ চপাটো মাত্ৰ টাইম পাচ’; বিটিচি প্ৰধান প্ৰমোদ বড়ো

Pramod Bodo

আজি মাঘ বিহুৰ উৰুকা। আজিৰ এই বিশেষ দিনটোত নিজৰ গৃহ সমষ্টি তামুলপুৰত উপস্থিত হয় বিটিচি প্ৰধান প্ৰমোদ বড়ো।

তামুলপুৰত উপস্থিত হৈ তামুলপুৰৰ মাজমজিয়াত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন এটি মুকলি কৰে বিটিচিৰ নতুন প্রধানগৰাকীয়ে।

বন্তি প্ৰজ্বলনেৰে এক মাংগলিক পৰিৱেশত ভৱনটো মুকলি কৰাৰ পিছত সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাখনত বিটিচি প্ৰধানগৰাকীৰ লগতে নাগ্ৰীজুলিৰ এমচিএলএ ধৰ্মনাৰায়ন দাস, বিটিচিৰ চৰকাৰীভাৱে মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

বাক্সা জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তৰুণ কুমাৰ বৰাই আদৰণি ভাষণ দিয়া সভাখনত প্ৰমোদ বড়োৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ভাষণত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিচিত থকা শিক্ষা বিভাগৰ সমস্যাৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে সমগ্ৰ বিটিচিত এঘাৰ হাজাৰতকৈও অধিক শ্ৰেণী কোঠাৰ আৱশ্যক। সমগ্ৰ বিটিচিৰ শিক্ষাৰ সমস্যাক আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছো।

বিগত সময়ত দেশৰ বিভিন্ন শিক্ষা নীতিৰ কথা দোহাৰি শিক্ষা বিভাগ তথা শিক্ষকসকলক সময়ে সময়ে আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰো আহ্বান জনায় প্ৰমোদ বড়োৱে।

আছুতীয়া সাক্ষাৎকাৰত বিটিচিবাসীক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মেজিৰ জুইয়ে যাতে সকলো অপশক্তি বিনাশ কৰে তাৰো কামনা কৰে প্ৰমোদ বড়োৱে।

বিটিচিৰ শিক্ষা বিভাগত বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ লাভ কৰা বুলি উল্লেখ কৰি শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলক দুৰ্নীতি নকৰিবলৈ আহ্বান জনালে প্ৰমোদ বড়োৱে।

ইফালে হাগ্ৰামা মহিলাৰীয়ে পুনৰ আস্থাৰ ভোট বিচাৰি ন্যায়ালয়ৰ কাষ চপাটো মাথো টাইম পাচ বুলি অভিহিত কৰিছে প্ৰমোদ বড়োৱে।