COVID SOP কোভিডৰ নতুন SOP ঘোষণা, কি কি নতুন নিৰ্দেশনা ?

Himanta-Biswa-Sarma-5-750x375

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কোভিডে এতিয়া কালান্তক ৰূপ ধাৰণ কৰিছে। অসমত আজি অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে।

এনে সময়তে আজি ৰাজ্য চৰকাৰে কোভিড সম্পৰ্কীয় এখন নতুন SOP জাৰি কৰে। জনতা ভৱনত আয়োজন কৰা এখন সংবামেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কোভিড SOP খন ঘোষণা কৰে।

কি কি নতুন বিধান ৰখা হৈছে নতুন SOP —
ৰাজ্যত সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

 নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন ।

নিশা ৯ বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ।

অমিক্ৰমন ৰোধৰ আগতীয়া ব্যৱস্থা হিচাবে জাৰি কৰা হৈছে এই SOP।

অমিক্ৰন সংক্ৰমণ ৰোধিবলৈ সকলো প্ৰকাৰে সাজু ৰাজ্যৰ স্বাস্থ‍্য বিভাগ।

দেশৰ ২১ খন ৰাজ‍্যত ঘটিছে অমিক্ৰনৰ সংক্ৰমণ।

গেলামাল, ফল-মূল, গাখীৰ আদিৰ দোকানো নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব।

ৰেষ্টুৰেণ্ট, ধাবা আদি ৫০ শতাংশ গ্ৰাহকেৰে নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব।

ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা অনলাইন অৰ্ডাৰৰ খাদ্যৰ যোগান নিশা ১০ বজালৈ চলিব।

সম্পূৰ্ণ ৰূপে টিকাকৰণ নকৰা কোনো কৰ্মচাৰীয়ে চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।

সম্পূৰ্ণ ৰূপে টিকাকৰণ কৰা ১০০ শতাংশ যাত্ৰীৰে চলি থাকিব আন্তঃ জিলা যাতায়াত।

কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত  অষ্টম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ পাঠদান বন্ধ থাকিব। একেদৰে ৰাজ্যৰ আন জিলা সমূহত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ।

কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা ওপৰৰ সকলো শ্ৰেণীৰ পাঠদান এদিনৰ পিছত এদিনকৈ বিকল্প পদ্ধতিৰে চলি থাকিব। একেদৰে ৰাজ্যৰ আন জিলা সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা আন শ্ৰেণী সমূহৰ পাঠদান এদিনৰ পিছত এদিনকৈ বিকল্প পদ্ধতিৰে চলি থাকিব।

স্নাতক-স্নাতকোত্তৰ শ্ৰেণীৰ লগতে অভিযান্ত্ৰিক, মেডিকেলৰ শ্ৰেণীসমূহ সম্পূৰ্ণ ভাবে টিকাকৰণ কৰা শিক্ষাৰ্থীৰে চলি থাকিব।

ভৱন আদিত সৰ্বাধিক ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব। বিয়া-সবাহতো ৫০ শতাংশ লোকৰ উপস্থিতিত অনুমোদন জনোৱা হৈছে। ভৱন একোটাত আয়োজিত অনুষ্ঠানত সৰ্বাধিক ২০০ ব্যক্তি উপস্থিত থাকিব পাৰিব।

কোনো ৰাজহুৱা স্থানতে ১৫ জানুৱাৰীৰ পিছত ভেকচিন গ্ৰহণ নকৰা ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। সকলো লোকে ৰাজহুৱা স্থানলৈ আহোতে ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ লগত আনিব লাগিব।

মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, অন্যথা জৰিমনা ভৰিব লাগিব।

মাস্ক নিপিন্ধিলে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব। একেদৰে ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকাৰ জৰিমনা।

কোনো এটা অঞ্চলত যোৱা সাত দিনত ১০ জনকৈ লোক কোভিডলআক্ৰান্ত হ’লে তেনে অঞ্চলক কণ্টেইমেণ্ট জন বুলি ঘোষণা কৰা হ’ব।

বিহুৰ ক্ষেত্ৰত ৰাতি ভেলা ঘৰত কোনো থাকিব নোৱাৰিব । ১০ বজালৈ খাই বৈ পুৱা ৬ বজাত আহি মেজি জ্বলালে হ’ল ।