NORTHEAST NOW (Assamese)

আকৌ ক’ভিদ! এইবাৰ ইজৰাইলত ক’ভিদৰ নতুন ভেৰিয়েণ্ট চিনাক্ত

March 17, 2022 2:32 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 17, 2022 2:33 pm

শেষ হোৱা নাই ক’ভিদ। ক’ভিদৰ ভয়াৱহতাৰ পৰা বিশ্বই সাময়িকভাৱে মুক্তি পালেও আকৌ ভূমুকি মাৰিছে ক’ভিদে। সমগ্ৰ বিশ্বতে শেহতীয়াকৈ ক’ভিদৰ পুনৰ ব্যাপক সংক্ৰমণ ঘটিছে।

এনে সময়তে ক’ভিদৰ এক নতুন ভেৰিয়েণ্টে ভূমুকি মাৰিছে ইজৰাইলত। ইজৰাইলৰ এক চৰকাৰী সূত্ৰই এটা নতুন কোভিড প্ৰজাতিৰ দুটা সংক্ৰমণৰ তথ্য পাইছে বুলি প্ৰকাশ কৰিছে।

ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয়, “ক’ভিদৰ এই নতুন প্ৰজাতি এতিয়াও সমগ্ৰ বিশ্বতে অজ্ঞাত।”

ক’ভিদৰ নতুন প্ৰজাতিটোৱে অ’মিক্ৰণৰ দুটা উপ-প্ৰকাৰ বি.এ.1 আৰু বি.এ.2 একত্ৰিত কৰিছে বুলি ইজৰাইলৰ বিশেষজ্ঞমহলে প্ৰকাশ কৰিছে।

ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে নতুন প্ৰজাতিটোৰ দ্বাৰা সংক্ৰমিত দুই ৰোগীৰ বাবে কোনো বিশেষ চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজন নাই।

ৰোগী দুজনৰ শৰীৰত সাধাৰণ জ্বৰ, মুৰৰ বিষ আৰু পেশীৰ বিষৰ লক্ষণ দেখা দিছে বুলি মন্ত্ৰালয়ে সদৰি কৰিছে।

পিচিআৰ পৰীক্ষাৰ সময়ত ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰত উপস্থিত হোৱা দুজন যাত্ৰীৰ ক্ষেত্ৰত এই প্ৰজাতিটো চিনাক্ত কৰা হৈছিল।

Related News