আঁতৰিব নেকি ক’ৰ’না ভাইৰাছ?; ঘোষণা কৰা হ’ল টকিঅ’ অলিম্পিকৰ নতুন তাৰিখ

Olimpic-700x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ বাবে টকিঅ’ অলিম্পিক এবছৰলৈ পিছুৱাই দিয়াৰ পাছত প্ৰতিযোগিতাখনৰ নতুন তাৰিখ ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে।

ঘোষণা কৰা নতুন তাৰিখ অনুসৰি ২০২১ বৰ্ষৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

‘‘কোভিদ-১৯-ৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বত ক্ৰমাৎ সলনি হৈ থকা চিত্ৰপটৰ বিশ্লেষণৰ অন্তত প্ৰতিযোগিতাখনৰ সৈতে জড়িত সকলো সংস্থা আৰু স্বাস্থ্য কৰ্তৃপক্ষই নতুন তাৰিখ ঘোষণা কৰিছে,’’ বিভাগীয় জাননীত এইদৰে প্ৰকাশ পায়।

উল্লেখযোগ্য যে, চলিত বৰ্ষত জাপানৰ ৰাজধানী টকিঅ’ত অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও চীনৰ পৰা সমগ্ৰ বিশ্বত বিয়পি পৰা কোভিদ-১৯ মহামাৰীৰ বাবে টকিঅ’ অলিম্পিক এবছৰলৈ পিছুৱাই দিবলগীয়া হৈছিল।

ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বত ক্ৰীড়া প্ৰতিযোগিতাসমূহ থমকি ৰ’বলগীয়া হৈছে।

অলিম্পিকৰ লগতে বিভিন্ন ফুটবল প্ৰতিযোগিতা, ফ্ৰেন্স অপেন টেনিছ, আইপিএলৰ দৰে প্ৰতিযোগিতাসমূহ বাতিল কৰিবলগীয়া হৈছে।