NORTHEAST NOW (Assamese)

গোলাঘাটৰ নতুন উপায়ুক্তৰ দায়িত্ব গ্ৰহণ : দায়িত্ব লৈয়ে গোলাঘাট কোভিড চিকিৎসালয় পৰিদৰ্শন

May 22, 2021 6:10 pm · মীনাক্ষী ফুকন
Updated: May 22, 2021 7:15 pm

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিঙে যোৱা নিশা গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

অসম অসামৰিক সেৱাৰ বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ পৰা উপায়ুক্ত সিঙে দায়িত্বভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

তেওঁ জিলাখনৰ চাহ বাগিচাসমূহত কোভিড-1১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে এনে অঞ্চলসমূহত জনসংখ্যাৰ ভিত্তিত পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে বহু লোকে জ্বৰ আদিত ভুগি হৈ থাকে যদিও পৰীক্ষা নকৰাৰ ফলত ৰোগ সংক্ৰমণৰ বাহক হৈ পৰে। এনেস্থলত আগতীয়াকৈ চিনাক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয়।

তেওঁ দৈনিক পৰীক্ষাৰ সংখ্যা বৰ্তমানৰ ৩,৫০০ৰ লক্ষ্যৰ পৰিৱৰ্তে ৪,০০০ লৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি চাহ বাগিচা আৰু গ্ৰামাঞ্চলসমূহ নিয়মীয়াকৈ বীজাণুমুক্তকৰণৰ বাবেও বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি চক্ৰ বিষয়াসকলক দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

সিঙে বৰ্তমানৰ সংকটক এটা চিকিৎসাজনিত পৰিস্থিতি বুলি ধৰি নলৈ এটা দুৰ্যোগপূৰ্ণ পৰিস্থিতি হিচাপে গ্ৰহণ কৰি প্ৰতিটো বিভাগক সক্ৰিয়ভাৱে তৃণমূল পৰ্যায়ৰপৰা কাম কৰিবলৈ আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত চাহ বাগিচাসমূহত সজাগতা বৃদ্ধিৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।

তেওঁ জিলাখনৰ বৰ্তমানৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী, আক্ৰান্তৰ হাৰ, মৃত্যুৰ হাৰ, মৃতদেহ সৎকাৰৰ ব্যৱস্থা আদি সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰে।

বৈঠকৰ পাছতে তেওঁ নিশাই গোলাঘাট কোভিড চিকিৎসালয় পৰিদৰ্শন কৰে। তেওঁ চিকিৎসালয়খনত কোভিড ৰোগীৰ বাবে থকা সা-সুবিধা আৰু বিভিন্ন দিশ পৰ্যবেক্ষন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, ৰক্তিম বৰুৱা, কুলদ্বীপ হাজৰিকা, পল্লৱী গগৈ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বহু শীৰ্ষ বিষয়া উপস্থিত আছিল।

Related News