বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু বোকাখাত ৰেঞ্জ ঘোষণা : ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে সলনি হ’ল কাজিৰঙাৰ মানচিত্ৰ

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতেই সলনি হ’ল অসমৰ ঐতিহাসিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰীণ মানচিত্ৰ৷

অসমৰ ৰাজ্যপালে আজি দিয়া এফ আৰ এম ২০৩/২০১৭/৫৭ জাননী যোগেদি কাজিৰঙাৰ উত্তৰ বনাঞ্চলক বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত খণ্ড বন কাৰ্যালয় আৰু ব্ৰহ্মপুত্ৰৰ কিছু অংশক সামৰি বোকাখাত ৰেঞ্জ বা বনাঞ্চল ঘোষণা কৰে৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাজিৰঙাৰ বাবে এই ঘোষণা এক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ আজিৰ এই ঘোষণা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ উত্তৰ বনাঞ্চলৰ সমূহ পৰিসৰক লৈ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল ঘোষণা কৰা হৈছে৷

এই ঘোষণা মতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত চাৰিটা ৰেঞ্জ থাকিব৷ ইয়াৰে পূব ৰেঞ্জ থাকিব গমিৰিত৷ পশ্চিম ৰেঞ্জ থাকিব বিশ্বনাথ চাৰিআলিৰ নাগশংকৰত৷ কেন্দ্ৰীয় ৰেঞ্জ থাকিব বিশ্বনাথ ঘাটত৷ এই সংমণ্ডলত অপৰাধ অনুসন্ধান ৰেঞ্জ এটাও থাকিব৷ এই ৰেঞ্জ মূল সংমণ্ডলৰ লগতে থাকিব বুলি ঘোষণাত কোৱা হৈছে৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশৰ ব্ৰহ্মপুত্ৰৰ চাপৰি আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ কিছু অংশক লৈ বোকাখাত খণ্ড বন কাৰ্যালয়ৰ এলেকাক সামগ্ৰিকভাৱে বোকাখাত ৰেঞ্জলৈ উন্নীত কৰা হৈছে৷ ঘোষণা মতে বোকাখাত ৰেঞ্জ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীন হ’ব৷