• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 5:41 pm
53
VIEWS
Share on FacebookShare on Twitter

লগোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ ওচৰৰ মেৰাপানীত নগা নেতাসকলে অসমৰ ভূমিৰ ওপৰত নতুন দাবী উত্থাপন কৰাৰ পিছত বৃদ্ধি পাইছে উত্তেজনা। অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো আগ্ৰাসন নহয় বুলি দাবী কৰাৰ পাছতো, মেৰাপানীত নগা নেতাৰ অসমৰ নতুন ভূখণ্ডৰ দাবীয়ে স্থানীয় গোষ্ঠীসমূহক ক্ষুব্ধ কৰি তুলিছে। তেওঁলোকে এই বিষয়ত অসম চৰকাৰক ক্ষিপ্ৰভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে

 প্ৰাপ্ত খবৰ অনুসৰি, তিনিখন নগা বসতিৰ পৰা অহা গাঁও পৰিষদে ৰাজহুৱাভাৱে অসমৰ নেঘেৰিবিল অঞ্চলৰ কিছু অংশ নিজৰ বুলি দাবী কৰিছে। অসম চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বে দিয়া এই বক্তব্যসমূহকলৈ অসমৰ ছাত্ৰ আৰু কৃষক গোটৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নাগালেণ্ডৰ এটা ইউটিউব চেনেলে শ্বেয়াৰ কৰা ভিডিঅ’ত নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাত অৱস্থিত লিঅ’ লুংচুং, মিকিৰাং, আৰু লুংগায়ুং নামৰ গাঁও পৰিষদে উল্লেখ কৰিছে যে ২ নং নেঘেৰিবিলৰ বনাঞ্চলখন তেওঁলোকৰ। অসম চৰকাৰে অভিযোগ কৰা বেদখলকাৰীক আঁতৰাই নিয়াৰ পিছত তেওঁলোকে মাটি ল’ব বুলি সকীয়াই দিয়ে৷

লিঅ’ লুংচুং গাঁৱৰ অধ্যক্ষ চোপাথুং ছ’প’ৱে কয় যে তেওঁ ৰাজ্যসমূহৰ মাজত কোনো চুক্তিৰ বিষয়ে অৱগত নহয় যদিও উচ্ছেদৰ পিছত নিজৰ পূৰ্বপুৰুষৰ মাটি পুনৰ উদ্ধাৰ কৰিব। লংইম গাঁৱৰ অধ্যক্ষ ৱোচোথুং ইয়াথানে এই কথা সমৰ্থন কৰি কয় যে তেওঁলোকে উচ্ছেদৰ পিছত নাগালেণ্ড চৰকাৰক মাটিৰ ওপৰত কৰা দাবীক সমৰ্থন কৰিবলৈ কৈছিল। মিকিৰাং গাঁৱৰ অধ্যক্ষই নেঘেৰিবিলৰ বিবাদিত পিকনিক স্থানত প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰি উত্তেজনা আৰু অধিক বৃদ্ধি কৰে।

ইফালে নেঘেৰিবিল অসমৰ অংশ আৰু ই অপৰিৱৰ্তনীয় বুলি মন্তব্য কৰাৰ লগতে নগা গাঁও পৰিষদৰ দাবী অবৈধ আৰু উচটনিমূলক বুলি উল্লেখ কৰিছে আহোম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এজেৱাইচিপিৰ নেতা নিকুঞ্জ মেধিয়ে কিবা হ’লে গাঁওবুঢ়াসকল দায়ী হ’ব বুলি উল্লেখ কৰি অসম চৰকাৰক স্থায়ী বেটেলিয়ন শিবিৰ স্থাপন কৰি অঞ্চলটোত নিয়মীয়াকৈ টহল চলাবলৈও আহ্বান জনায়। সদৌ অসম অনুসূচিত জনজাতি ছাত্ৰ সন্থাইও উদ্বেগ প্ৰকাশ কৰি সীমান্তৰ জনসাধাৰণে ভয়ত জীৱন কটাবলগীয়া হৈছে আৰু তৎকালীনভাৱে এটা নিৰাপত্তা শিবিৰ স্থাপন কৰিব লাগিব বুলি উল্লেখ কৰে। AASTSA সহকাৰী সম্পাদক খীৰুদ কুমাৰ দাসে ৰাজনৈতিক নেতাৰ মৌনতাক সমালোচনা কৰি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিয়ে।

শেহতীয়া এইবোৰ ঘটনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৪ আগষ্টত কৰা মন্তব্যৰ বিৰোধী, য’ত তেওঁ নাগালেণ্ডৰ পৰা কোনো নতুন আগ্ৰাসন হোৱা নাই বুলি উল্লেখ কৰি বিগত উচ্ছেদ অভিযানৰ সময়ত ৰাজ্যৰ সহযোগিতাৰ প্ৰশংসা কৰে। কিন্তু নগা গাঁৱৰ মুৰব্বীৰ ৰাজহুৱা ভাবুকিয়ে ইতিমধ্যে অস্থিৰ বুলি জনাজাত মেৰাপানী অঞ্চলৰ বাসিন্দাসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

Recent News

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd