নতুন কাপোৰ পিন্ধি ফটোৰ প’জ দিয়া মোদী নাযায় মণিপুৰলৈঃ মোদীলৈ তীৰ্যক বাক্যবাণ খৰ্গেৰ

Modi's Lakshadweep visit

হিংসাজৰ্জৰ মণিপুৰ এতিয়াও হোৱা নাই সম্পূৰ্ণ শান্ত। বিগত বৰ্ষৰ মে’ মাহৰ পৰাই গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হোৱা ৰাজ্যখনত এই দীৰ্ঘ সময়ছোৱাত বিস্তৰ জন-ধনৰ ক্ষতি হৈছে। কিন্তু তাৰ পিছতো মণিপুৰ ভ্ৰমণৰ পৰা বিৰত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

মণিপুৰ ভ্ৰমণ বাদেই, ৰাজ্যখনৰ বিষয়ত আলোচনাৰ পৰাও বিৰত আছে প্ৰধানমন্ত্ৰী মোদী। এই বিষয়ক লৈ মোদীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে দেশৰ বিৰোধী। মণিপুৰৰ অগ্নিগৰ্ভৰ পৰিস্থিতি তথা বিৰোধীৰ সমালোচনাৰ পিছতো গা লৰা নাই প্ৰধানমন্ত্ৰী মোদীৰ।

ইয়াৰ পৰিৱৰ্তে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিছিল লক্ষদ্বীপ। এই ভ্ৰমণৰ বিভিন্ন ফটো মোদীৰ লগতে বিজেপিৰ বহুকেইগৰাকী নেতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। মোদীৰ এই লক্ষদ্বীপ ভ্ৰমণক লৈ মণিপুৰ প্ৰসংগৰে পুনৰ সমালোচনাত মুখৰ হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে।

মোদীক তীক্ষ্ণ সমালোচনা কৰি খৰ্গেই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন কাপোৰ পিন্ধি ফটোৰ বাবে প’জ দিবলৈ,, সাঁতুৰিবলৈ সময় উলিয়াইছে, কিন্তু সংঘাতপূৰ্ণ মণিপুৰ তেওঁ ভ্ৰমণ কৰা নাছিল। একে প্ৰসংগতে তেওঁ ৰাম মন্দিৰৰ উদ্বোধনীৰ বিষয়েও উল্লেখ কৰে।

খৰ্গেৰ মন্তব্য, প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্দিৰ উদ্বোধন কৰাত ব্যস্ত, কিন্তু মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি তেওঁ গুৰুত্ব নিদিয়ে। খৰ্গেই কয়, “মণিপুৰত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদী হয় বিললৈ গৈছিল, সাঁতুৰি ফটো চেচন কৰিছিল, চলি থকা মন্দিৰ নিৰ্মাণস্থলীত ফটো তুলিবলৈ গৈছিল নহয় কেৰেলা আৰু মুম্বাইলৈ গৈছিল।”

“প্ৰধানমন্ত্ৰী মোদী সকলো স্থানলৈ যায়, সকলো স্থানতে তেওঁৰ ফটো চাব পাৰে, ঠিক যেনেকৈ পুৱা সাৰ পোৱাৰ পিছত ভগৱানৰ দৰ্শন প্ৰথম কৰা হয়। কিন্তু এই মহান ব্যক্তিজন মণিপুৰলৈ কিয় নগ’ল?”- শনিবাৰে এক সংবাদ মেলত এই মন্তব্য কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে।