মহানগৰীৰ চিটিবাছৰ বাবে নতুন নিৰ্দেশনা; নিৰ্দিষ্ট ষ্টপেজত নামিব নোৱাৰিবও পাৰে আপুনি!

CityBus-768x431

প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী মহানগৰীৰত আপুনি চিটিবাছত অহা-যোৱা কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপুনি কিছু ক্ষেত্ৰত সাৱধান হ’ব লাগিব। কিয়নো গুৱাহাটীত চলি থকা চিটিবাছ সমূহৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে জিলা পৰিবহন বিষয়াই।

নতুন নিৰ্দেশনাৰ অধীনত চিটি বাছসমূহৰ চলাচলৰ পথসমূহ সম্পূৰ্ণৰূপে সলনি কৰা হ’ব বুলি উল্লেখ কৰি কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া বাপন কলিতাই নৰ্থ-ইষ্ট নাওৰ আগত কয় যে পূৰ্বতে মহানগৰীত চিটিবাছ চলাচলৰ বাবে ২২ টা পথ আছিল, এতিয়া ইয়াক ৩৭ টা লৈ বৰ্ধিত কৰা হ’ব।

আনহাতে চিটিবাছসমূহৰ আস্থানৰ ক্ষেত্ৰতো পৰিবহন বিভাগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। যাৰ ফলত এতিয়া আপুনি নিজৰ গন্তব্য বাছ আস্থানত নামিব নোৱাৰিবও পাৰে। কিয়নো এতিয়াৰ পৰা প্ৰত্যেকখন চিটীবাছ প্ৰত্যেকটো বাছ আস্থানত ৰ’ব নোৱাৰিব।

এই সম্পৰ্কত কলিতাই কয়, ‘প্ৰত্যেকখন চিটিবাছ প্ৰত্যেকটো আস্থানত ৰ’ব নোৱাৰিব। প্ৰত্যেকখন চিটীবাছৰ বাবে আস্থান হ’ব ভিন্ন ভিন্ন। বিকল্প ষ্টপেজ কিছুমান নিৰ্ধাৰণ কৰা হৈছে প্ৰত্যেকখন চিটীবাছৰ বাবে। বাছ আস্থানসমূহ পথৰ নম্বৰেৰে নামাকৰণ কৰা হ’ব। যি পথেৰে চিটীবাছখন যায় সেই পথৰ চিটীবাছকেইখনহে উক্ত ষ্টপেজত ৰখাব পাৰিব।‘

তদুপৰি এতিয়াৰ পৰা বাছ আস্থানসমূহত ২ মিনিটতকৈ অধিক সময় চিটিবাছ ৰ’ব নোৱাৰিব বুলি জানিবলৈ দি তেওঁ লগতে কয় যে বাছ ষ্টপেজসমূহৰ মাজৰ দুৰত্ব ১ কিল’মিটাৰতকৈ কম হ’ব নোৱাৰিব, এইক্ষেত্ৰত ‘কম দূৰত্বৰ ব্যৱধান থকা বাছ ষ্টপেজসমূহ ভাঙি পেলোৱা হ’ব।’

আনহাতে এতিয়াৰ পৰা চিটিবাছত হেণ্ডিমেন ৰাখিব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যাত্ৰীসকলৰ ভাড়া সংগ্ৰহৰ বাবে কেৱল কনডাক্টৰহে থাকিব। তদুপৰি, ৫০ মিটাৰ দূৰৰ পৰা চিনি পোৱাকৈ চিটিবাছৰ সন্মুখৰ গ্লাছৰ বাওঁফালে স্পষ্ট আকাৰত থাকিব লাগিব চালকৰ ফটো। চালকৰ ফটোখন  জিলা পৰিবহণ কাৰ্যালয়ৰ কোনো উচ্চপদস্থ বিষয়াৰ চিল-মোহৰ আৰু স্বাক্ষৰ সম্বলিত হ’ব লাগিব বুলি জিলা পৰিবহন বিষয়া কলিতাই সদৰী কৰে।

অৱশ্যে এতিয়াৰ পৰা চিটিবাছসমূহ ৰাস্তাত চলাচল কৰিবৰ বাবে পূৰ্বৰ দৰে মালিক সন্থাৰ অনুমতিৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে বৰ্তমান চলাচলৰ অনুমতিপত্ৰ পৰিবহন বিভাগে নিজে দিব বুলি তেওঁ জনায়।

অহা সপ্তাহৰ পৰা এই নিৰ্দেশনা কাৰ্য্যকৰী কৰা হ’ব বুলি সদৰী কৰি তেওঁ কয় ‘আমাৰ ফালৰ পৰা ইতিমধ্যে সকলোখিনি কৰা হৈছে, জাননী দিয়াও হৈছে। কেৱল জি এম চিয়ে পথসমূহৰ নম্বৰসমূহ লিখিবলৈ বাকী আছে, সেয়া দুই-এদিনতে হৈ উঠিব।