প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই নৌসেনাক আৰু অধিক শক্তিশালী কৰাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি চুটি দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ সফলতাৰে নিক্ষেপ কৰিছে। বৃহস্পতিবাৰে ওড়িশাৰ চণ্ডীপুৰৰ পৰা নিক্ষেপ কৰা হয় এই ক্ষেপণাস্ত্ৰ।
এই ক্ষেপণাস্ত্ৰই অতি নিম্নৰ পৰা আক্ৰমণ কৰিবলৈ সক্ষম। ই দ্ৰুতভাৱে লক্ষ্য চিনাক্ত কৰি লক্ষ্য কৰি ল’ব পাৰে। ডি আৰ ডি অ’ আৰু নৌসেনাই যৌথভাৱে নিৰ্মাণ কৰিছে ভি এল-এছ আৰ এছ এম ক্ষেপণাস্ত্ৰ। ডি আৰ ডি অ’ আৰু নৌসেনাৰ এই পদক্ষেপৰ শলাগ লয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
ইয়াৰ উপৰিও ডি আৰ ডি অ’ই নৌসেনাক অধিক শক্তিশালী আৰু অধিক সক্ষম কৰি তুলিবলৈ উন্নত কে ছিৰিজৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰি আছে। নৌসেনাৰ চাবমেৰিনত নিয়োগ কৰা হ’ব এই পাৰমাণৱিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্ৰ। এই কে ছিৰিজৰ মিছাইলটো হৈছে কে-৫। থলুৱাভাৱে নিৰ্মিত এই ক্ষেপণাস্ত্ৰই ২০০০ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই নিব পাৰে।
এই ক্ষেপণাস্ত্ৰই ৫-৬ হাজাৰ কিলোমিটাৰ দূৰৰ লক্ষ্য ধ্বংস কৰিব পাৰে। কিন্তু এই ক্ষেপণাস্ত্ৰই সৰ্বোচ্চ ৯০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। যদি এই ক্ষেপণাস্ত্ৰ ভাৰত মহাসাগৰ অঞ্চলৰ পৰা নিক্ষেপ কৰা হয়, তেন্তে পাকিস্তান আৰু চীনৰ বহু অঞ্চল ইয়াৰ অধীনলৈ আহিব। এই ক্ষেপণাস্ত্ৰই কেইমিনিটমানৰ ভিতৰতে সেই অঞ্চলসমূহ ধ্বংস কৰিবলৈ সক্ষম।