আমবাৰীত নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিপুল সম্বৰ্ধনা

দিল্লীত অসম আৰু আসমীয়াৰ স্বাৰ্থত মাত মাতি যাম : বৈশ্য

WhatsApp Image 2019-06-01 at 2.25.23 PM

অগপৰ মুখ্য কাৰ্য্যালয়ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা

ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অগপৰ কেন্দ্ৰীয় সমিতিৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক ডা০ কমলা কলিতাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। এডাল ফুলৰ বৰমালা, জাপি আৰু স্মাৰকপত্ৰৰে কেন্দ্ৰীয় সমিতিয়ে বৈশ্যক সম্বৰ্ধনা জনায় ।

তাৰোপৰি, অসম যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ আৰু জিলা সমিতি সমূহেও নৱ নিৰ্বাচিত সাংসদ গৰাকীক সম্বৰ্ধনা জনায়।

আনহাতে, সম্বৰ্ধনা গ্ৰহণ কৰি বৈশ্যই তেওঁ সাংসদ হোৱাৰ আঁৰত সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলৰ অন্যান্য দলীয় সদস্যসকলৰ কষ্ট জৰিত হৈ থকা বুলি কয়। বিজেপি দলকো তেওঁ সহায় আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ আৰু কয় “অগপৰ  জন্ম লগ্নৰে পৰা মই আছো আৰু দলৰ হৈ ভৱিষ্যতেও কাম কৰি যাম’’। লগতে তেওঁ সংসদত সদায়  অসমৰ স্বাৰ্থৰ বাবে মাত মাতি যাব বুলি উল্লেখ কৰি দলৰ নীতি আদৰ্শ সদায় মানিলৈ দলে তেওঁক যি নিৰ্দেশ দিয়ে সেই মতেই কাম কৰি যাব বুলিও কয়।

দিল্লীত অসমৰ বলিষ্ঠ কণ্ঠ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নতুন দিল্লীত অসম গণ পৰিষদৰ এটা কাৰ্য্যালয় খোলাৰ বাবেও সভাপতি অতুল বৰাৰ পাৰ ভাষণৰ মাজতে অনুমতি বিচাৰে।

বৈশ্যই ৰাজ্যসভাৰ সাংসদ হলেও তেওঁ নিমিত্তহে মাত্ৰ বুলি মন্তব্য কৰি সদায় দলৰ হকে কাম কৰাৰ বাবে দলীয় নেতৃত্বই তেওঁক স্বীকৃতি দিছে বুলি কয়।

উল্লেখযোগ্য যে, ১৯৯৬ চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা আৰু ২০০৮ চনত ৰাজ্যসভালৈ মনোনীত হোৱা বৈশ্যৰ সংসদীয় ৰাজনীতিত এয়া তৃতীয় বৰ্ণাঢ্য অভিষেক।

তদুপৰি, তদানীন্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱগৌৰা  আৰু  ইন্দৰ কুমাৰ গুজৰাল নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তীখা আৰু খনি দপ্তৰৰ কেবিনেট মন্ত্ৰী আছিল তেওঁ।

তাৎপৰ্যপূৰ্ণভাৱে ২০২০ চনত  টকিঅ’ অলিম্পিকলৈ ভাৰতীয় দলৰ ‘চিফ দ্য মিছন’ হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক।