বিজেপিত যোগদান কৰিব মহেন্দ্ৰ সিং ধোনীয়ে! ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বাতৰিৰ সত্যতা কিমান?

amitshahmsdhonibjp03042019

এম এছ ধোনী আৰু অনিত শ্বাহ। উৎস-ইণ্টাৰনেট

ভাৰতৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত অভিনেতা-অভিনেত্ৰীক দললৈ আমন্ত্ৰণ জনাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে চেষ্টা কৰি আহিছে আৰু বিভিন্নগৰাকী অভিনেতা-অভিনেত্ৰীয়ে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলত যোগদান কৰাও দেখা গৈছে।

ছ’চিয়েল মিডিয়াত এনে ধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা যায় যদিও কিছুমান সময়ত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা বহু বাতৰি ভূল বুলি প্ৰমাণিত হৈছে।সম্প্ৰতি এম এচ ধোনীৰ বিজেপিত যোগদান কৰাৰ ভূৱা খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ধোনীয়ে অৱসৰৰ পাছতে বিজেপি দলত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি খবৰ প্ৰকাশ পাইছে।

‘অমিত শ্বাহ ফেন টিম’ নামৰ ফেইচবুক পেজটোৱে বিজেপিৰ সভাপতি অমিত শ্বাহৰ লগত ধোনীয়ে কৰমৰ্দন কৰি থকাৰ এখন ফটো মঙলবাৰে আপলোড কৰে য’ত কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলো উপস্থিত থকা দেখা গৈছে।

পেজটোত এনেদৰে লিখিছে-‘মহেন্দ্ৰ সিং ধোনীয়ে বিজেপিত যোগদান কৰিছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আপুনি ধোনীক শুভেচ্ছা জ্ঞাপন নকৰিবনে?’

বাতৰি লিখাৰ সময়লৈ উক্ত ফেইচবুক পোষ্টটো প্ৰায় ১০০০তকৈও অধিক ফেইচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে।

ফটোখনৰ সম্বন্ধে গৱেষণা কৰাত ফটোখন ২০১৮ চনৰ আগষ্ট মাহৰে বুলি জানিব পৰা যায় আৰু সেই সময়ত ৰাজনৈতিক নেতাদুগৰাকীয়ে ধোনীক দিল্লীত অনুষ্ঠিত হোৱা ‘সম্পৰ্ক ফৰ সমৰ্থন’ অনুষ্ঠানত সাক্ষাৎ কৰিছিল। ক্ৰিকেট এদিক্টৰ নামৰ ৱেবচাইটোৱে একেই ফটোৰ সৈতে বাতৰিটো  প্ৰকাশ কৰিছে।

ধোনীৰ ভাইৰেল হোৱা বাতৰি সন্দৰ্ভত ধোনীৰ মেনেজাৰে ধোনীয়ে ৰাজনীতিত যোগদান কৰা সন্দৰ্ভত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি  উল্লেখ কৰি খবৰটো ভূৱা বুলি মত প্ৰকাশ কৰে।