জি এল পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী, সমাজকৰ্মী জি এল আগৰৱালাৰ দেহাৱসান

জি এল পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ আজি উলুবাৰীৰ নিজা বাসগৃহত ৪.৩০ বজাত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি আছিল প্ৰয়াত জি এল আগৰৱালা।

জি এল ছ’চিয়েল চাৰ্কল প্ৰতিষ্ঠা কৰি বহু সামাজিক কামত জড়িত হৈ পৰিছিল প্ৰয়াত আগৰৱালা। ‘স্বৰ্গৰথ’ৰ জৰিয়তে মহানগৰীত দীৰ্ঘকাল সেৱা আগবঢ়াই আহিছে জি এল ছ’চিয়েল চাৰ্কলে। তাৰোপৰি আমৰ অসম, পূৰ্বাঞ্চল প্ৰহৰী, নৰ্থ ইষ্ট টাইমছকে ধৰি কেইবাখনো কাকত-আলোচনী প্ৰকাশ কৰি সংবাদ জগতলৈ বহু অৱদান আগবঢ়াই যায় জি এল আগৰৱালাই।

চৰকাৰী ঠিকাৰে জীৱন নিৰ্বাহৰ পথ মুকলি কৰা জি এল আগৰৱালাই পৰৱৰ্তী সময়ত জি এল পাব্লিকেশ্যন আৰম্ভ কৰে। বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত আগৰৱালা সাহিত্য সভাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ পোৱা ‘বিশ্বকোষ’ৰ অন্যতম নেপথ্যৰ লোক আছিল।

বিশিষ্ট সমাজকর্মী, জি এল পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী তথা ‘আমাৰ অসম’ কাকতৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ পৰলোকপ্ৰাপ্তিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে জি এল আগৰৱালাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে মুখ্য মন্ত্ৰী গৰাকীয়ে মুখ্য সচিবক নিৰ্দেশ দিয়ে। কাইলৈ ভূতনাথ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব জি এল আগৰৱালাৰ।

অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি, বিশিষ্ট সমাজসেৱী আগৰৱালাৰ বিয়োগত অসম সাহিত্য সভাইয়ো গভীৰ শোক প্ৰকাশ কৰিছে।

অসম সাহিত্য সভাৰ বিভিন্ন পৰ্যায়ৰ পদত দায়িত্ব নিৰ্বাহ কৰা প্ৰয়াত আগৰৱালাৰ জীৱন আৰু কৰ্মপ্ৰেৰণাৰ এক আদৰ্শ হৈ জিলিকি ৰ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীয়ে এক শোকবাৰ্তা যোগে মন্তব্য কৰিছে। লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

আনহাতে বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিঙেও অসমৰ জ্যেষ্ঠ সংবাদসেৱক তথা প্ৰকাশক জি.এল আগৰৱালাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ইফালে বৰপেটাৰোডৰ সুযোগ্য সন্তান জি এল আগৰৱালাৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰি কাইলৈ অৰ্থাৎ ১ ফেব্ৰুৱাৰিৰ পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈকে বৰপেটাৰোড বন্ধৰ আহ্বান জনাইছে।

এই বন্ধৰ আহ্বান জনাইছে বৰপেটাৰোড সাহিত্য সভা, বৰপেটাৰোড আছু, যুৱ ছাত্ৰ পৰিষদৰ বৰপেটাৰোড সমিতি, পৌৰ বজাৰ ব্যৱসায়ী সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আৰু বৰপেটাৰোড মাৰোৱাৰী সন্মিলনে। লগতে বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে বৰপেটাৰোড প্ৰেছ ক্লাবেও।